গুৱাহাটীত দুখনকৈ পদপথ সেতুৰ উদ্বোধন

গুৱাহাটী: গুৱাহাটীত লোকনিৰ্মাণ (পথ) বিভাগৰ নিৰ্মাণ কৰা দুখনকৈ পদপথ সেতু সোমবাৰে উদ্ধোধন কৰে বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ২০১৯-২০ অধীনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথ (জি এছ ৰোড)ত নিৰ্মাণ কৰি উলিয়াইছে। ইয়াৰে এখনৰ নিৰ্মাণ ব্যয় ১০.০৬ কোটি আৰু আনখনত ব্যয় হৈছে ৯.৮৮ কোটি টকা |

এই পদপথ সেতু দুখন হৈছে এবিচিৰ মিজোৰাম ভৱনৰ সমীপত আৰু খীষ্টান বস্তিৰ মহিন্দ্ৰ শ্ব’ৰুমৰ সমীপত।

গুৱাহাটীত দুখনকৈ পদপথ সেতুৰ উদ্বোধন

এবিচিৰ মিজোৰাম ভৱনৰ সমীপত নিৰ্মাণ কৰা পদপথ সেতুখন নিৰ্মাণত ব্যয় হৈছে মুঠ ১০ কোটি ৬ লাখ ৭১ হাজাৰ টকা। আনহাতে খীষ্টান বস্তিৰ মহিন্দ্ৰ শ্ব’ৰুমৰ সমীপত নিৰ্মাণ কৰা পদপথ সেতুখন নিৰ্মাণত ব্যয় হৈছে মুঠ ৯ কোটি ৮৮ লাখ টকা।

উল্লেখ্য যে নিৰ্ধাৰিত সময়তকৈ ৪ মাহ পূৰ্বেই নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে এই ফুট অভাৰব্ৰীজ দুখন। ইফালে মহানগৰীত নিৰ্মাণৰত আন ৭খন পদপথ সেতুৰ কামো বৰ্তমান সময়ত যুদ্ধকালিনভাৱে চলি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply