গুৱাহাটী – গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শনিবাৰে আমিনগাঁৱৰ পৰাই গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসলায় আৰু কালাপাহাৰ কভিড চিকিৎসলায়ক সাঙুৰি নিৰ্মাণ কৰা হ’ব গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়।
গুৱাহাটীবাসীৰ বাবে এক সুখবৰ। গুৱাহাটীয়ে লাভ কৰিব দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়। শনিবাৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আধাৰশিলা স্থাপন কৰিব গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহৰ তিনিদিনীয়া উত্তৰ পূব ভ্ৰমণৰ কাৰ্যসূচী সম্পৰ্কে জানিবলৈ দি প্ৰকাশ কৰে এই কথা।
স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটীৰ কাৰ্যসূচীৰ বিষয়ে এক সংবাদমেলত জানিবলৈ দি কয় যে গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসলায় আৰু কালাপাহাৰৰ কভিড চিকিৎসালয়ক একলগ কৰি গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শনিবাৰে এই চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিব।
৮৬০ কোটি টকা ব্যয়ৰে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় আৰু কালাপাহাৰ কভিড চিকিৎসলায়খনক গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় হিচাপে গঢ়ি তোলা হ’ব বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। কালাপাহাৰ কভিড চিকিৎসলায় আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়খনক সংযোগ কৰাৰ বাবে নিৰ্মাণ কৰা হ’ব তিনিখনকৈ উৰণীয়া সেতু।
কালাপাহাৰ আৰু পানবজাৰৰ মাজৰ দূৰত্বৰ যাত্ৰা যাতে ৮ ৰ পৰা ১০ মিনিটত কৰিব পৰা যায় ইয়াৰ বাবে ছাৰাবভট্টি, ৰেহাবাৰী আৰু পল্টন বজাৰত ১৮০ কোটি টকা ব্যয়ৰে তিনিখন উৰণীয়া সেতু নিৰ্মাণ কৰাৰ কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।