গুৱাহাটী– অসমৰ ফুটবল আন্ত:গাঁথনিক নতুন গতি দিয়াৰ উদ্দেশ্যে শনিবাৰে গুৱাহাটীৰ প্ৰথম ফিফা অনুমোদিত ফুটবল টাৰ্ফ তথা স্প’ৰ্টছ কমপ্লেক্স ‘গেম অন এৰেনা’ উদ্বোধন কৰা হয় ৷ বেহাৰবাৰীৰ কেৰাকুছি তিনিআলিত থকা এই টাৰ্ফ মূলত: গ্ৰাছৰুটছ ফুটবল উন্নয়ন, শিশু ফুটবলাৰক সুৰক্ষিত আৰু বিশ্বমানৰ সুবিধা দিয়াৰ লগতে সুলভ মূল্যত ফুটবলপ্ৰেমীকো ব্যৱহাৰ কৰিবলৈ দিয়া হ’ব ৷

ফুটবলপ্ৰেমী পিতা-পুত্ৰ হীৰেণ বৰ্মন আৰু জিতেন বৰ্মনৰ উদ্যোগত আৰু আইআইএমৰপৰা স্প’ৰ্টছ মেনেজমেণ্টৰ ডিগ্ৰীধাৰী ছাজাদ ছিদ্দিকিৰ প্ৰচেষ্টাত প্ৰাণ পোৱা এই টাৰ্ফত গুৱাহাটী চিটী এফচি (জিচিএফচি)ৰ সহযোগত গ্ৰাছৰুটছ প্ৰকল্প ৰূপায়ন কৰা হ’ব ৷ এই প্ৰকল্পত সহযোগ কৰিছে আগশাৰীৰ লাইটিং কোম্পানী ক্ৰিট্ৰনেও ৷

স্প’ৰ্টছ কমপ্লেক্স ‘গেম অন এৰেনা’ উদ্বোধন

অনুষ্ঠানত সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেচনৰ সভাপতি সুবোধ মল্ল বৰুৱা, এএফচি বি লাইচেঞ্চপ্ৰাপ্ত খ্যাতনামা প্ৰশিক্ষক কমলাকান্ত লইটংবাম আৰু জিচিএফচিৰ সহঃপ্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শংকৰ ডেকা উপস্থিত থাকি টাৰ্ফখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ অনুষ্ঠানত জিচিএফচিৰ সহঃপ্ৰতিষ্ঠাপক কৌস্তৱ চক্ৰৱৰ্তী আৰু ডৰিক ৰঞ্জন ডেকাও উপস্থিত থাকে ৷ ইয়াৰ পিছতে গুৱাহাটী চিটী এফচি ফুটবল একাডেমী আৰু কাজিৰঙা ফুটবল একাডেমীৰ মাজত এখন অনুৰ্ধ ৯ প্ৰদৰ্শনী ফুটবল মেচো অনুষ্ঠিত হয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply