গুৱাহাটী– উচ্চ ন্যায়ালয়ে বিটিচি পৰিষদ গঠন প্ৰক্ৰিয়াত স্থিতাৱস্থা দিয়াৰ লগতে কাৰ্যবাহী সদস্য নিযুক্তিতো নিষেধাজ্ঞা দিয়াৰ পিছতেই নতুন মোৰ লৈছে বিটিচিৰ ৰাজনীতি | কোকৰাঝাৰত থকা প্ৰমোদ বড়ো নিশাই আহিল তাজ ভিভান্টালৈ। মিলিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত | কেনেদৰে এই সমস্যাৰ পৰা উদ্ধাৰ পাব পাৰি সেই লৈ আলোচনা হয় দুয়োজনৰ মাজত |
ইয়াৰ পিছতেই হাগ্ৰামা মহিলাৰী সৈতে আলোচনাত বঢ়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা | নিৰ্বাচনৰ সময়ত বিপিএফক সন্ত্ৰাসবাদী, স্বেচ্ছাচাৰী, ডকাইত দল আখ্যা দিছিল যদিও ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত আলোচনাত বঢ়িবলৈ বাধ্য হয় | মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ বিজেপি নেতৃত্বই নিৰ্বাচনত হাগ্ৰামাৰ বিৰোধীতা কৰি অহাৰ বিপৰীতে মুখ্যমন্ত্ৰী সোনোৱালে কাৰ্যত মৌনতা অবলম্বন কৰি আহিছে | হাগ্ৰামাৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৈঠকে বিশেষ গুৰুত্ব লাভ কৰিছে | শেহতীয়াকৈ ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত পান্ডাইও বি পি এফৰ সৈতে মিত্ৰতা এতিয়াও অক্ষুণ্ণ থকাৰ কথা ঘোষণা কৰিছিল |
তাৰ পিছতেই হাগ্ৰামা মহিলাৰীৰ সৈতে হিমন্তৰ এই বৈঠকে তাৎপৰ্য বহন কৰিছে |উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতই দুই নেতাৰ বিটিচিৰ নতুন কি সমীকৰণ লৈ নিশা আলোচনা চলিল সি বিটিচিৰ ৰাজনীতি, বিপিএফৰ ৰাজনীতিৰ লগতে ৰাজ্যৰ ৰাজনীতিত সমীকৰণ কেনেদৰে সলনি কৰে তাৰ প্ৰতি সকলোৱে দৃষ্টি ৰাখিছে।