গুৱাহাটীৰ ISBTত অৰুণাচলী যুৱতীক যৌন নিৰ্যাতন

গুৱাহাটী: গুৱাহাটীৰ ISBTত এগৰাকী অৰুণাচলৰ যুৱতীক যৌন নিৰ্যাতনৰ অপচেষ্টা। দিল্লীৰ পৰা উভতি অহা যুৱতীগৰাকীয়ে  ISBTত গাড়ীৰ বাবে অপেক্ষা কৰি আছিল। পিছত যুৱকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও পাষণ্ডটোক কৰায়ত্ত কৰে সাহসী যুৱতীগৰাকীয়ে। আৰু অন্যান্য যাত্ৰীৰ সহযোগিতাত দুৰ্বৃত্তটোক লপা থপা দিয়ে।

সাহসী যুৱতীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত আপলোড কৰা ভিডিঅ’ত দেখা অনুসৰি, হিন্দীভাষী এজন লোকে তাইৰ পিছত বহি লৈ বহু অশ্লীল ভাৱ ভংগী কৰি আছিল লগতে যুৱতীগৰাকীৰ শৰীৰতো হাত দি আছিল।

শেষত লাইভ ভিডিঅ’ হৈ থকাত কেৱল ক্ষমা বিচাৰে যুৱতীৰ পৰা। যুৱতী গৰাকীেও সকলোৰে সমুখত ক্ষমা খুজিবলৈ বাধ্য কৰায়। আনহাতে হিন্দীভাষী গেৰুৱা সাজ পৰিহিত সেই যুৱকজনে নাম সোধাত নিজৰ নাম ছফিকুল ইছলাম বুলি জনায়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply