গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ

গুৱাহাটী- সুধাংশু ধুলীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নৱ নিযুক্ত মুখ্য ন্যায়াধীশ । ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দে সুধাংশু ধুলীয়াক নিযুক্তি দিয়াৰ পাছতে বৃহস্পতিবাৰে আইন আৰু ন্যায় মন্ত্ৰণালয়ে এখন অধিসূচনা যোগে এই কথা সদৰী কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ অজয় লাম্বাৰ পদত নিযুক্তি দিয়ে সুধাংশু ধুলীয়াক।

উল্লেখ্য় যে সুধাংশু ধুলীয়াই ১৯৮৬ চনৰ ৭ জুলাইৰ পৰা ওকালতি আৰম্ভ কৰে। এলাহাবাদ উচ্চ ন্যায়ালয়ত তেওঁ প্ৰথম কৰ্ম জীৱন আৰম্ভ হয়। ইয়াৰ পাছত ২০০৮চনৰ ১ নৱেম্বৰত উত্তৰাখণ্ড উচ্চ ন্যায়ালয় ন্যায়াধীশৰ স্থায়ী পদত অধিস্থিত হয় সুধাংশু ধুলীয়া।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply