গুৱাহাটী: কৰোনা সৃষ্ট পৰিবেশৰ বাবে সমগ্ৰ অসমতেই যোৱা বৰ্ষটো প্ৰায় স্তব্ধ হৈ পৰাৰ পিছত বিগত প্ৰায় ৮দিন ধৰি উদুলি-মুদুলি হৈ আছে চানমাৰিৰ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰ | অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত চলি থকা ৩৩তম গুৱাহাটী গ্ৰন্থমেলাত প্ৰতিদিনাই সমাগম হৈছে কেইবাসহস্ৰাধিক গ্ৰন্থপ্ৰেমী | বহু বছৰৰ পিছত প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলালৈ আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰন্থপ্ৰেমী | উত্তৰ পূব গ্ৰন্থমেলা বাতিল হোৱাৰ পিছতেই এইখন গ্ৰন্থমেলাৰ বাবে সাজু হৈ আছিল গ্ৰন্থপ্ৰেমী |

এইবাৰৰ গ্ৰন্থ মেলাত বাছ চালকৰ কাহিনীয়ে বিশেষ ভাবে আলোড়নৰ সৃষ্টি কৰিছে । তিনিচুকীয়াৰ বাছ চালক ৰূপম দত্তৰ কিতাপ ‘Life of a driver, কেবিনৰ ইপাৰে’ বিচাৰি গ্ৰন্থপ্ৰেমীয়ে ভীৰ কৰা বুলি প্ৰকাশক গোষ্ঠীটোৱে প্ৰকাশ কৰিছে | সাধাৰণ ভাব ভাষাৰে নিজৰ বাছ চালক জীৱনত ঘটা বিভিন্ন কাহিনী সুন্দৰ বাবে বৰ্ণনা কৰিছে লেখকে | গ্ৰন্থমেলাৰ প্ৰথম ৪ দিনতে চাৰিটাকৈ সংস্কৰণ বিক্ৰী হোৱা বুলি প্ৰকাশ কৰিছে প্ৰকাশকে | অসমীয়া কিতাপৰ বাবে ই এক প্ৰকাৰৰ অভিলেখ বুলিব পাৰি |
সেইদৰে সাংবাদিক ধিৰুমণি গগৈৰ আলফাৰ ২৭ নং বেটেলিয়ানৰ বিভিন্ন অপ্ৰকাশিত কাহিনীক লৈ লিখা গ্ৰন্থ ‘নিষিদ্ধ যোদ্ধা’ গ্ৰন্থখনক লৈও একাংশ গ্ৰাহকৰ আগ্ৰহ দেখা গৈছে | ডা: ৰুবি কটকীৰ ‘আন্দোলন’ , ৰীতা চৌধুৰীৰ নতুন গ্ৰন্থ ‘মৰে অসম জীয়ে কোন’ কবি হিৰেন ভট্টাচাৰ্যৰ ৰচনা সমগ্ৰ আদি এইবাৰৰ গ্ৰন্থমেলাৰ বিশেষ আকৰ্ষণ হিচাবে পৰিগণিত হৈছে |

গ্ৰন্থমেলালৈ দৈনিক বিশাল জনস্ৰোত হোৱাৰ সমান্তৰালভাৱে কিতাপ বিক্ৰীও খুবেই সন্তোষজনক বুলি সদৰী কৰিছে প্ৰকাশন গোষ্ঠীসমূহে। বিশেষভাবে ৩ জানুৱাৰীৰ দিনটোতে প্ৰায় ১কোটি টকা কিতাপ বিক্ৰী হোৱাৰ কথা সদৰি কৰিছে অসম প্ৰকাশন পৰিষদে। পৰিষদে সদৰি কৰা অনুসৰি বিগত ৮টা দিনত প্ৰায় ৪কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে গ্ৰন্থমেলাত। ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাই নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰিছে আয়োজন প্ৰকাশন পৰিষদে |