গুৱাহাটী– গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ খবৰ বিয়পি পৰাৰ ফলত ৰোগীৰ মাজত হুৱাদুৱা লাগে ৷ ৰেডিঅ’লজিৰ মুৰব্বী বিভাগৰ কোঠাত এই অগ্নিকাণ্ড সংঘটিত হয় ।
কম্পিউটাৰ পৰা বিদ্যুতৰ অগ্নিকাণ্ডৰ সুত্ৰপাত হয় বুলি প্ৰকাশ। অগ্নিকাণ্ডত বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জুইত জাহ যোৱাৰ সন্দেহ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ নিৰাপত্তাৰক্ষীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধীক্ষকৰ।