প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী – দীৰ্ঘদিন ধৰি বিভিন্ন কাৰণবশতঃ অনুষ্ঠিত হোৱা নাই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াৰ বাবেই চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমক ৭ দিনৰ ভিতৰত কাৰণ দর্শোৱাৰ নিৰ্দেশ জাৰি কৰিছে ৷

উল্লেখ্য যে ২০১৩ চনৰ ৩১ জুলাইত গুৱাহাটী পৌৰ নিগমৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল৷ এই নিগমৰ বৈঠক ২০১৮ চনৰ ৩১ ডিচেম্বৰত সমাপ্ত হয় যদিও যোৱা দুটা বছৰ ধৰি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কোনো উম-ঘাম নাই৷ এই বিষয়ে সমাজকৰ্মী মীৰা বৰঠাকুৰে গুৱাহাটী উচ্চ ন্যায়লয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰাৰ পিছত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে চৰকাৰক ৭ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত নকৰাৰ কাৰণ দর্শাবলৈ নিৰ্দেশ দিয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply