গুৱাহাটী – গুৱাহাটী বিশ্ববিদ্যালয়ে ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ বাবে শৈক্ষিক সূচী মুকলি কৰিছে।

আজি মুকলি কৰা এই সূচী অনুসৰি স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীসমূহৰ নামভৰ্তি প্ৰক্ৰিয়া অহা ৩১ অক্টোবৰৰ ভিতৰত সম্পন্ন হ’ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুমোদনপ্ৰাপ্ত মহাবিদ্যালয়সমূহৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত অহা ১ নৱেম্বৰৰ পৰা পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।

ইফালে এই শৈক্ষিক সূচী অনুসৰি স্নাতকোত্তৰ তৃতীয় ষান্মাসিকৰ পাঠদান প্ৰক্ৰিয়াও অহা ১ নৱেম্বৰৰ পৰাই আৰম্ভ হ’ব।

আনফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুমোদনপ্ৰাপ্ত মহাবিদ্যালয়সমূহৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ পাঠদানো ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply