ক্ৰিকেট খেলক লৈ ৰক্তাক্ত পৰিৱেশ Credit: ইষ্ট ম'জ'

গুৱাহাটী– ৰাজ্যৰ অন্যতম পুৰণি উচ্চ শিক্ষাৰ অনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটা ছাত্ৰগোটৰ মাজত ক্ৰিকেট খেলক লৈ চলা সংঘাতে হিংসাত্মক ৰূপ লোৱা ঘটনা পোহৰলৈ আহিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ত চলি থকা আন্তঃআৱাস ক্ৰিকেট প্ৰতিযোগিতাত আইন মহাবিদ্যালয়ৰ ৮৯ নং হোষ্টেল আৰু বাবু হোষ্টলৰ মাজত ক্ৰিকেট খেল অনুষ্ঠিত হৈ থকাৰ সময়তে খেলক লৈ দুয়োটা দলৰ মাজত সংঘাতে ভয়ংকৰ ৰূপ ধাৰন কৰে।

বেটেৰে মূৰত কোবাই এজন ছাত্ৰক হত্যাৰ অপচেষ্টা এজন ছাত্ৰৰ ৷ বল কেচ ধৰাক কেন্দ্ৰ কৰি দুটা দলৰ মাজত সৃষ্টি হয় সংঘাত ৷ মাৰপিটত গুৰুতৰভাৱে আহত হয় তিনিজন ছাত্ৰ ৷ আহত কৰুণা গগৈ নামৰ গৱেষকৰ ছাত্ৰজনৰ অৱস্থা বৰ্তমান সংকটজনক৷

অনুজ প্ৰতিম বৰা নামৰ এজন ছাত্ৰই বেটেৰে মূৰত প্ৰহাৰ কৰিছিল গগৈক ৷ ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এজাহাৰ দাখিল কৰা হৈছে। সম্প্ৰতি পলাতক অভিযুক্ত ছাত্ৰ অনুজ প্ৰতিম বৰাৰ লগতে বিমান হালৈ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply