লতাশিলৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা সংকল্প যাত্ৰাত অংশ ল'লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই Credit: ইষ্টম'জ'

গুৱাহাটী: বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত আজি উলিওৱা হয় সংকল্প যাত্ৰা। মহানগৰীৰ লতাশিল খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এই সংকল্প যাত্ৰা উলিওৱা হয়।

বিজেপিৰ বুথ, শক্তি কেন্দ্ৰ আৰু মণ্ডল পৰ্যায়ৰ এই সংকল্প যাত্ৰাত অংশ লয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিজেপিৰ মহানগৰ জিলা সমিতিৰ সভাপতি মৃগেন শৰণীয়াৰ লগতে বিজেপিৰ নেতা-কৰ্মী।

সংকল্প যাত্ৰাত ভাগ লৈ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়- ‘আজি সংকল্প যাত্ৰাৰ মাধ্যেমেৰে আমাৰ প্ৰতিজন দলীয় সতীৰ্থক আমি এটা সংকল্প ল’বলৈ আগ্ৰহ কৰিছো। আমি বিচাৰিছোঁ বিগত ৫ বছৰত বিজেপিৰ উন্নয়নমুখী যাত্ৰাৰ খতিয়ান অসমৰ প্ৰতিগৰাকী জনতাৰ মাজলৈ এই যাত্ৰাৰ জৰিয়তে লৈ যাবলৈ।’

উল্লেখ্য, আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ ১০০ প্লাছ লক্ষ্য সাধনৰ এই সংকল্প যাত্ৰাত বহুসংখ্যক লোকে ভাগ লোৱা দেখা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply