গুৱাহাটী:-অসম বিধানসভা নির্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে নিৰ্বাচন আয়োগৰ তৎপৰতা বৃদ্ধি পাইছে | অহা ৩১ মে’ত অন্ত পৰিব বর্তমানৰ অসম বিধানসভাৰ কার্যকাল৷ ইয়াৰ বাবেই দেশৰ নির্বাচন আয়োগৰ জ্যেষ্ঠ প্রধান সচিব নৰেন্দ্র এন বুটোলিয়াই ৰাজ্যৰ মুখ্য সচিব আৰু মুখ্য নির্বাচন বিষয়াক এখন পত্রযোগে (নং ৪৩৭/৬/১/আই এন এছ টি/ই টি আই/এফ ইউ এন চি টি/এম চি চি ২০২০) নির্বাচনী কাম–কাজৰ সৈতে জড়িত কৰিবলগীয়া বিষয়াবর্গ সন্দর্ভত গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰে৷
এই নির্দেশনা অনুসৰি, নির্বাচনৰ কামৰ সৈতে জড়িত কৰিবলগীয়া বিষয়াক এতিয়াৰে পৰা নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত গৃহ জিলালৈ বদলি কৰিব নোৱাৰিব৷ অর্থাৎ গৃহ জিলাত কর্মৰত বিষয়াক নির্বাচনী কামত জড়িত কৰিব নোৱাৰিব৷ সেইদৰে একেটা স্থানতে তিনি বছৰ কর্মৰত বা অহা ৩১ মে’ৰ পূর্বে তিনি বছৰ একেই স্থানৰ দায়িত্ব সম্পূর্ণ হ’বলগীয়া কোনো বিষয়াক নির্বাচন পৰিচালনাৰ ক্ষেত্রত জড়িত কৰিব নোৱাৰিব ৷
তদুপৰি অতীজত কোনো বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে নির্বাচন আয়োগে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰা বা তেনে গোচৰ নিষ্পত্তি নোহোৱাকৈ থকা, নির্বাচনী কাম–কাজত গাফিলতি কৰাৰ বাবে জৰিমনাৰ সন্মুখীন হোৱা বিষয়া–কর্মচাৰীকো নির্বাচনৰ দায়িত্বত নিয়োজিত কৰিবলৈ বাধা আৰোপ কৰা হৈছে ৷ সেইদৰে অহা ছমাহৰ ভিতৰত অৱসৰ গ্রহণ কৰিবলগীয়া কোনো বিষয়াকে নির্বাচনী কাম–কাজত জড়িত নকৰিবলৈ নির্দেশটোত উল্লেখ কৰা হৈছে ৷