গুৱাহাটী:- বিকাশৰ বতৰা লৈ তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূবলৈ অহা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শণিবাৰে ৪ খনকৈ আঁচনিৰ শুভাৰম্ভ কৰে | কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ ৮,০০০ নামঘৰলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ উদ্দেশ্যে বটদ্ৰৱা থানৰ উন্নয়নৰ বাবেও আধাৰশিলা স্থাপন কৰে। ভাষন প্ৰসংগত অসমৰ সংস্কৃতি কেৱল মাত্ৰ অসমৰ সংস্কৃতি নহয় ই ভাৰতীয় সংস্কৃতিৰ অলংকাৰ বুলিও মন্তব্য কৰে অমিত শ্বাহে। শ্ৰীমন্ত শংকৰদেৱ অসমৰ সাহিত্য সংস্কৃতিক অন্য এক মাত্ৰা প্ৰদান কৰিলে। ভাৰতৰ সংস্কৃতিৰ সৈতে চিনাকি কৰি দিলে। কিন্তু বৰ্তমান শংকৰদেৱৰ জন্মস্থান অবৈধ বাংলাদেশীৰ কবলত। বটদ্ৰৱা থানৰ বাবে চৰকাৰৰ নতুন পৰিকল্পনা। বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে ১৮০কোটি টকা ঘোষণা কৰিলে অমিত শ্বাহে। স্বৰ্ণমন্দিৰৰ দৰে সজাই তোলা হ’ব ঐতিহাসিক বটদ্ৰৱা থানক।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যত আৰু ১১খন নতুন আইন মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও জনায় | অনুষ্ঠানত মুখ্যমন্ত্ৰী , স্বাস্থ্যমন্ত্ৰী সহ প্ৰায় সকলো শাসকীয় দলৰ নেতা উপস্থিত থাকে |
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ২৭ ডিচেম্বৰত গুৱাহাটীৰ পৰা ইম্ফললৈ ৰাওনা হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মণিপুৰতো চুড়াচন্দ্ৰ মেডিকেল কলেজ আৰু ৰাজ্য চৰকাৰৰ এটা অতিথি শালাৰ আধাৰশিলাও স্থাপন কৰিব।