হোজাই – বিগত দুদিন ধৰি হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে হোজাইত উত্তাল প্ৰতিবাদ। ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হোজাইত শিলাদিত্য দেৱৰ বিৰুদ্ধে সৰৱ বিভিন্ন দল-সংগঠন। হোজাইত শিলাদিত্য দেৱৰ দালালগিৰী নচলিব, শিলাদিত্য দেৱ মূর্দাবাদ ধ্বনিৰে উত্তাল হোজাইৰ ৰাজপথ।

বিভিন্ন সময়ত বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হোৱা হোজাইৰ বিজেপি দলৰ বিধায়ক শিলাদিত্য দেৱৰ বিতৰ্কিত মন্তব্যই এইবাৰ ক্ষোভিত কৰি তুলিছে সমষ্টিবাসীক। সোমবাৰে শিলাদিত্য দেৱৰ গৃহসমষ্টি হোজাইত শিলাদিত্য দেৱৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে চাহ জনজাতি ছাত্ৰ সন্থাই৷ শিলাদিত্য দেৱ মুৰ্দাবাদ, শিলাদিত্য দেৱৰ দালালগিৰী নচলিব, শিলাদিত্য গ’ বেক, অসম চৰকাৰ হায়-হায়  আদি প্ৰতিবাদী শ্ল’গানেৰে চাহ জনজাতি ছাত্ৰ সন্থাই উত্তাল কৰি তোলে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখ।

চাহ জনজাতি লোক সকলক ভুমি পাট্টা প্ৰদানৰ দাবীৰে প্ৰায় দুই সহস্ৰাধিক চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ভুমি পাট্টাকে ধৰি হোজাই জিলাৰ চাহ জনজাতিৰ লোক সকলৰ বিভিন্ন দাবী সমাধানৰ ক্ষেত্ৰত বিধায়ক শিলাদিত্য দেৱৰ নিষ্ক্ৰিয় ভূমিকাক প্ৰতিবাদকাৰী সকলে তীব্ৰ সমালোচনা কৰে।

ইফালে দেওবাৰে নিশাৰ ভাগত সদৌ অসম ছাত্ৰ সন্থাই বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হোজাইৰ এক সভাত অংশগ্ৰহণ কৰি বিধায়ক শিলাদিত্য দেৱে হোজাই জিলাত “কা” বিৰোধী আন্দোলন কৰিবলৈ দিয়া নহ’ব বুলি কৰা এক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ছাত্ৰ সন্থা। শিলাদিত্য দেৱৰ এই মন্তব্যৰ পিছতে ডবকাত ছাত্ৰ সন্থাৰ সদস্য সকলে শিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি দাহ কৰি শিলাদিত্য দেৱৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply