গোলাঘাটঃ অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ চাহ জনগোষ্ঠীয় লোকসকলে শুকুৰবাৰে উদযাপন কৰিলে কৰম পূজা । ৰাজ্যৰ বিভিন্ন প্ৰান্ততো আড়ম্বৰপূৰ্ণভাৱে উদযাপিত হৈছে কৰম পূজা ।

খুমটাইৰ সমীপৱৰ্তী ৰঙামাটি চাহ বাগিছাৰ লগতে চাহ জনগোষ্ঠীয় লোকসকলে বাগিচাই বাগিচাই উদযাপন কৰিছে তেখেতসকলৰ কৃষিভিত্তিক হেঁপাহৰ উৎসৱটি।

ৰঙামাটি বাগিচাৰ মোদী সমাজৰ উদ্যোগত উলহ মালহেৰে পালন কৰিছে কৰম পূজা৷

লগতে পঢ়কঃমানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰে অব্যাহত আছে গৰু সৰবৰাহ

খুমটাইৰ প্ৰান্তে প্ৰান্তে ৰাইজ আনন্দেৰে সন্মিলিত হৈছে। পৰম্পৰাগত নীতি-নিয়মেৰে সুন্দৰভাৱে পালন কৰাৰ লগতে ঝুমুৰ গাই আনন্দ-উল্লাসত মতলীয়া হৈছে সকলো।

ক’ভিডৰ জটিলতাৰ বাবে যোৱা বৰ্ষত কৰম পূজা উদযাপনৰ পৰা বিৰত হ’ব লগা হৈছিল। কিন্তু দীৰ্ঘদিনৰ পিছত চাহ জনগোষ্ঠীয় মূল উৎসৱটি উদযাপন কৰিবলৈ সুবিধা পাই খুমটাইৰ বিভিন্ন বাগিছাৰ লোকসকলে ৰাতিৰ ভাগত বিভিন্ন কৰ্মসূচীৰে আয়োজন কৰিলে কৰম পূজা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply