গোলাঘাটত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

গোলাঘাট- কংগ্ৰেছৰ বিধায়িকা অজন্তা নেওঁগ বিজেপি যাত্ৰাৰ খবৰ সংবাদ মাধ্যমত বিয়পি পৰাৰ লগে লগেই কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈছে গোলাঘাট জিলাৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত ৷ গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ দক্ষিণহেঙেৰা গাওঁ পঞ্চায়তৰ আঠাবাৰী গাওঁৰ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷বহু বছৰ বছৰ ধৰি কংগ্ৰেছ দলৰ লগত থাকি একো উন্নয়নৰ মুখ দেখি নোপোৱা এই সকল গাওঁৰ সৰ্বসাধাৰণ লোকে এতিয়া বিজেপি দলত যোগদান কৰে |

গোলাঘাটত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

কংগ্ৰেছৰ পদত্যাগী সদস্যসকলে বৰ্তমান চৰকাৰখনে যথেষ্ট উন্নয়নমূলক কাম কাজৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰে ৷ আনহাতে সমষ্টিটোত বৰ্তমানৰ বিধায়ক মৃনাল শইকীয়াৰ নেতৃত্বত যথেষ্ট উন্নয়নমূলক কাম হোৱাৰ কথা উল্লেখ কৰি অতি শীঘ্ৰে অন্য বহু দলৰ পৰা বিজেপি দলত যোগদান কৰিব বুলি উল্লেখ কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply