গোলাঘাট:- গোলাঘাটৰ বিধায়িকা অজন্তা নেওগৰ বিজেপি গমনৰ কেৱল আনুষ্ঠানিকতা বাকী থকা সময়ত গোলাঘাটত কংগ্ৰেছ ত্যাগৰ ধূম উঠিছে।বিজেপিত যোগদানৰ আনুষ্ঠানিকতাৰ পূৰ্বেই অজন্তাৰ বহু সেনানীয়ে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰিছে।একপ্ৰকাৰ অজন্তাৰ সোঁহাতে বাওঁহাতে থকা সকলৰ কংগ্ৰেছীয়ে এৰিছে দল |
এদিন যদি জিলা পৰ্যায়ৰ নেতা,পিছদিনাই ৰাজ্যিক পৰ্যায়ৰ নেতাই পদত্যাগ কৰিছে জিলাখনত | গেৰুৱা বসন পিন্ধাৰ প্ৰাকমূহুৰ্তত অজন্তা নেওগৰ ঘনিষ্ঠ সকলে কংগ্ৰেছ ত্যাগ কৰা কাৰ্যই অধিক স্পষ্ট কৰিলে অজন্তাৰ বিজেপি গমনৰ কথা। বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰে সম্পাদক পলাশ তামুলীয়ে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি সম্পাদক পলাশ তামুলীয়ে সাংবাদিকৰ আগত ব্যক্তিগত কাৰণত পদত্যাগ কৰা হৈছে বুলি প্ৰকাশ কৰে যদিও কংগ্ৰছৰ প্ৰভাৱশালী নেত্ৰী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়িকা অজন্তা নেওগৰ অতি ঘণিষ্ঠ পলাশ তামুলীয়ে প্ৰকৃতাৰ্থত অজন্তা নেওগৰেই সহযাত্ৰী হ’ব বুলি চৰ্চিত হৈছে ।আনহাতে এদিনৰ পূৰ্বে গোলাঘাট জিলা কংগ্ৰেছৰ প্ৰশাসনীয় সাধাৰণ সম্পাদক তপন দত্ত সহ বহু কেইজনে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল ।