মেৰাপানী- ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ লগতে গোলাঘাট বিধান সভা সমষ্টিতো তুংগত উঠিছে ৰাজনৈতিক কুচ কাৱাজ। কংগ্ৰেছ নেত্ৰী অজন্তা নেওগে বিজেপি গমনৰ পাছতেই সমষ্টিটোত এইবাৰ প্ৰাৰ্থী হ’বলৈ মন মেলিছে সাংসদ গৌৰৱ গগৈয়ে।
“গোলাঘাট বিধান সভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব সাংসদ গৌৰৱ গগৈ! কংগ্ৰেছ হাই কামাণ্ড ছোনিয়া গান্ধী, ৰাহুল গান্ধী অথবা দলে দায়িত্ব দিলে গোলাঘাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ’বলৈ আগ্ৰহী।” শনিবাৰে মেৰাপানীত এখন দলীয় যোগদান সভাত অংশ গ্ৰহণ কৰি গৌৰৱ গগৈয়ে এইদৰে কয়। সাংসদ গৰাকীয়ে কা বিৰোধী শক্তি বিলাক একেলগ হোৱাৰ আহ্বান জনাই তিনি গগৈৰ প্ৰসঙ্গত কয় যে, বিজেপিক ৰুধিবলৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ বাবে কংগ্ৰেছৰ দুৱাৰ খোলা আছে। তিনি গগৈ একেলগ হ’লে অহাবাৰ একে ৰাতিতেই বিৰোধীৰ চৰকাৰ হ’ব।
গৌৰৱ গগৈয়ে বিজেপিক ধনীক শ্ৰেণীৰ দালাল আখ্যা দি বিজেপি চৰকাৰক অসমৰ পৰাই বিদায় দিয়াৰ আহ্বান জনায়। ইফালে অজন্তা নেওগ বিজেপিলৈ যোৱাৰ সম্পৰ্কত সাংসদ গৰাকীয়ে গোলাঘাটত কংগ্ৰেছৰ দুৰ্গ বৰ্তমানেও অটুত থকা বুলি মন্তব্য কৰে। অন্যহাতে কংগ্ৰেছ আৰু বিজেপি দলত বিসম্বাদৰ সন্দৰ্ভত কয় যে, বিজেপিত লুকাই লুকাই বিসম্বাদ কৰে কিন্তু কংগ্ৰেছত বিসম্বাদ হ’লে মুকলিকৈ হয়। বিজেপিৰ বিসম্বাদ মিডিয়াৰ কেমেৰাত নোলায়।
গৌৰৱ গগৈয়ে বিজেপিত ভাবী মুখ্যমন্ত্ৰীক লৈ গোপন প্ৰতিযোগিতা চলা বুলিও কটাক্ষ কৰে। উল্লেখ্য যে, আজিৰ যোগদান সভাত বহু সংখ্যক লোকে কংগ্ৰেছ দলত যোগদান কৰাৰ লগতে চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি নিতুল বৰাই কংগ্ৰেছ দলত যোগদান কৰে। সম্প্ৰতি গোলাঘাট সমষ্টিতোত কংগ্ৰেছ আৰু বিজেপিৰ মাজত নিৰ্বাচনী যুঁজখন ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠা পৰিলক্ষিত হৈছে।