গোলাঘাট:- নতুন লক্ষ্যন থকা ক’ভিড-১৯ ৰোগীক লৈ সমগ্ৰ বিশ্ব এতিয়া আতংকিত | বিগত কিছুদিন ধৰি গোলাঘাটত কোভিড-১৯ ৰ সংক্ৰমণ প্ৰায় নাইকীয়া হৈছিল যদিও দেওবাৰে নিশা লণ্ডনৰ পৰা অহা দুজন লোকৰ দেহত কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই অঞ্চলটোত সৰ্বত্ৰ আতংকই বিৰাজ কৰিছে।
বিশেষকৈ ব্ৰিটেইনত শেহতীয়াকৈ কোভিড -১৯ ৰ নতুন ট্ৰেইন আৰম্ভ হোৱাৰ সময়তে লণ্ডনৰ পৰা গোলাঘাটৰ গৃহলৈ অহা দম্পতিৰ দেহত কোৰোণা ভাইৰাছ ধৰা পৰাত স্বাভাৱিকতে জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগ উদ্বিগ্ন হৈ পৰিছে।
জিলা স্বাস্থ্য বিভাগৰ ডি এচ অ’ ডাঃ দিলীপ ৰাজবংশীয়ে জনোৱা মতে, লণ্ডনৰ পৰা গোলাঘাটৰ পিতৃৰ গৃহলৈ অহা জনৈক আগৰৱালা নামৰ দম্পতিৰ দেহত কোৰোণা পজিটিভ পোৱা গৈছে। বৰ্তমান জিলা স্বাস্থ্য বিভাগে জনৈক আগৰৱালা পৰিয়ালটোৰ দুই পুত্ৰ বোৱাৰীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কোভিড হাস্পতাললৈ প্ৰেৰণ কৰিছে ।
আনহাতে কোভিড পজিটিভ হিচাপে ধৰা পৰা জনৈক আগৰৱালাৰ পিতৃয়ে জানিবলৈ দিয়া মতে , ডিচেম্বৰৰ ১২ত ব্ৰিটেইনত থকা তেওঁৰ পুত্ৰ বোৱাৰী গোলাঘাটৰ গৃহলৈ আহিছিল। বিমান বন্দৰত কোৰোণা টেষ্ট কৰোতে দুয়োৰে কোৰোণা নিগেটিভ ওলাইছিল।আনকি গোলাঘাটতো ৰেপিড টেষ্ট কৰোতে ফলাফল নিগেটিভ আহিছিল। কিন্তু দেওবাৰে পুনৰ দুয়োৰে স্বাস্থ্য পৰীক্ষা কৰোৱাত দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে।আনহাতে লণ্ডনৰ পৰা অহা ১৫ দিনৰ পাছত দম্পতিৰ দেহত ক’ভিডৰ ভাইৰাছ ধৰা পৰা ঘটনাই গোলাঘাটবাসীকো চিন্তিত কৰিছে ।