গোলাঘাট– গোলাঘাট নগৰৰ মাজমজিয়াত দেওবাৰে নিশা প্ৰায় ১০বাজি ৩০মিনিটত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নগৰ খনৰ পুৰনি জিলা কাৰাগাৰ পথত থকা পাচলি বজাৰৰ ওপৰ মহলাত থকা কাপোৰৰ গুডামত অগ্নিকাণ্ড সূত্ৰপাত ঘটে । অগ্নিকাণ্ডৰ ফলত কেইবাটাও কাপোৰৰ গুডাম জ্বলি সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় ।
অগ্নিকাণ্ডটোৰ ফলত কাপোৰ গুডামসমূহত মজুত থকা লক্ষ লক্ষ টকা মূল্যৰ কাপোৰ জ্বলি ভস্মীভূত হয় । উল্লেখযোগ্য গোলাঘাট পৌৰসভাৰ অধীনৰ পাচলি বজাৰৰ সন্মুখত দৈনিক ফুটপাটত বহা কাপোৰৰ বজাৰ খনৰ অধিকাংশ কাপোৰৰ গুডাম পাচলি বজাৰখনৰ ওপৰ মহলাত আছিল |
ফেমেলি ৰেষ্টুৰেন্ট নামৰ এখন হোটেলৰ গাতে লাগি থকা এই কাপোৰৰ গুডামসমুহ কেনেকৈ জুইৰ সূত্ৰপাত হল সেইয়া নিশ্চিত হোৱা নাই । বিগত বছৰতো উক্ত বজাৰ এলেকাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল ।
ইফালে গোলাঘাট অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নিকাণ্ডটো নিয়ন্ত্ৰণ কৰাৰ ফলত ভস্মীভূত গুডামসমুহৰ পাছফালে থকা মাছবজাৰ এলেকা,চক বজাৰ এলেকাটো কথমপি ৰক্ষা পৰে ।