গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস

গোলাঘাট- গোলাঘাটৰ ভিন্ন অঞ্চলত বন্য হস্তীৰ সন্ত্ৰাসে জনসাধাৰণক জ্বলাকলা খুৱাইছে | জিলাখনৰ খুমটাইৰ বিভিন্ন অঞ্চলত ভালেমান দিনৰ পৰা বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ ৷ দিনে-নিশাই হাতী খেদাবলৈ চেষ্টা চলাইছে গঞাই ৷ মৰঙিৰ পৰা ৫ দিন আগতেই ধনশিৰি নদী পাৰ অহা এজাক পোৱালিসহ ৫০/৬০ জনীয়া বৃহৎ বন্যহস্তীৰ জাকে খুমটাইৰ বিভিন্ন অঞ্চলত চলাইছে তাণ্ডৱ ৷ খুমটাইৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলোৱা হাতীৰ জাকটো বনবিভাগ আৰু স্থানীয় ৰাইজে ৰঙামাটিৰ পৰা মেলামৰা,বৰপথাৰ,চিনাতলী,গৰঙাৰ মাজেৰে ধোদৰআলি পাৰ হৈ প্ৰায় ১৫/২০ কিঃমিঃ অতিক্ৰম কৰি আৱৰঘাট পোৱালেহি যদিও নদী পাৰ কৰিবলৈ সক্ষম নহ’ল। আৱৰঘাটত মঙলবাৰে নিশাৰে পৰা বন্যহস্তীৰ জাকটোৱে নানান উপদ্ৰৱে অস্বস্তিত পেলাইছে ৰাইজক ৷ বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে চৰম শংকা আৰু নিৰাপত্তাহীনতাত দিন অতিবাহিত কৰিবলগীয়া হৈছে কেইবাখনো গাঁৱৰ ৰাইজ ৷

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত জনতা

বনবিভাগে স্থানীয় ৰাইজৰ সহযোগত হাতীৰ জাকটো ধনশিৰি নদী পাৰ কৰি খেদি পঠাবলৈ চেষ্টা কৰিছে যদিও নদীৰ সিটো পাৰে বহুলোক থকাত বৰ্তমানলৈকে সফল হ’ব পৰা নাই। ভোলাগুৰি অঞ্চলৰ ৰাইজৰ এতিয়া ওৰেৰাতি জুই ধৰি,হাতে হাতে জোৰ লৈ হাতী খেদিবলৈ চেষ্টা কৰিছিল যদিও বহু কৃষকৰ ধান,সৰিয়হ আদিৰ খেতি নষ্ট কৰে ৷ হাতীৰ জাকটোৱে নিশা ভোলাগুৰি গাঁৱৰ অসীম বৰা নামৰ লোকজনৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভাঙিলে চুৰমাৰ কৰে ৷ অতি দৰিদ্ৰ এই পৰিয়ালটোৰ এতিয়া পানী খাবলৈও গিলাচ এটাৰ অভাৱৰ নিচিনা পৰিস্থিতিৰ সূচনা হৈছে। ভঁৰালৰ ধান খোৱাৰ লগতে ঘৰটোৰ সকলো বস্তু-বাহনি সম্পূৰ্ণৰূপে নষ্ট কৰিলে ৷

হাতীৰ জাকটোৱে ভোলাগুৰি গাঁৱৰ অসীম বৰা নামৰ লোকজনৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভাঙিলে চুৰমাৰ কৰে ৷

এতিয়া পৰিয়ালটোক প্ৰয়োজন হৈছে সকলোৰে এধানিমান সহায় ৷ বন্যহস্তীৰ বাবে এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ প্ৰায় ৮/১০ খন গাঁৱত প্ৰায় ৫০/৬০ জনীয়া বনৰীয়া হাতীৰ এটা বৃহৎ জাকে চলোৱা উপদ্ৰৱৰ ফলত বহুকেইদিনৰ পৰা বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য হৈছে গাওঁ কেইখনৰ গঞাঁ। হাতীৰ জাকটো খেদিবলৈ উজাগৰে নিশা পাৰ কৰিছে গাঁওবাসীয়ে ৷ ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বন বিভাগে উলিয়াব যে পাৰিব সেই আশা কৰা নাই স্থানীয় জনতাই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply