গোলাঘাট : প্ৰাক্তণ মন্ত্ৰী অজন্তা নেওগৰ বিজেপি যাত্ৰা এতিয়াও সুখৰ হৈ উঠাগৈ নাই | বিজেপিৰ পুৰণি কৰ্মীসকলে এতিয়াও সংগ দিয়া নাই অজন্তা নেওগক | ইয়াৰ বিপৰীতে তেওৰ প্ৰাক্তণ কংগ্ৰেছীসকলক লৈ সমষ্টিতোত অভিযান অব্যাহত ৰাখিছে | যাৰ ফলত সমষ্টিটোত এফালে অজন্তা নেওগ গ’ বেক ধ্বনি,আনফালে অজন্তা নেওগ জিন্দাবাদ ধবনি। তাৰ মাজতেই অজন্তা নেওগে নিজে হাত দাঙি দিব লগা হৈছে ভাৰত মাতা কি জয়ৰ শ্লোগান।

যাৰ ফলত গোলাঘাট সমষ্টিত ন বিজেপি আৰু পুৰণা বিজেপি মাজত সংঘাত বৰ্তমান তুংগত উঠিছে। দেওবাৰে গোলাঘাট সমষ্টিৰ বেঙেনাখোৱাৰ গ্ৰান্টৰ ৭ নং ৱাৰ্ডতো একেই অৱস্থা পৰিলক্ষিত হয় । অজন্তা নেওগে ন বিজেপি একাংশক লগত লৈ সভা অনুষ্ঠিত কৰিবলৈ যাওতে হ’ল অথন্তৰ। অজন্তা নেওগৰ সন্মুখতে পুৰণা বিজেপি কৰ্মীয়ে অজন্তা নেওগ গ বেক ধ্বনি দি উত্তাল কৰে। বিজেপিৰে ৭ নং ৱাৰ্ড সদস্য দীপশিখা গগৈক অবগত নকৰাকৈ সভা অনুষ্ঠিত কৰাক লৈ উত্তেজনা সৃষ্টি হয় এলেকাটোত।

পুৰণি বিজেপি কৰ্মী বিশেষকৈ মহিলাসকলৰ ৰুদ্ৰ ৰূপ দেখি আধাতে সভা এৰি লৰালৰিকৈ গাড়ীত উঠি আতৰি যাবলা বাধ্য হয় ন বিজেপি নেতা অজন্তা নেওগ।

ক্ষোভিত গোলাঘাটৰ পুৰণি বিজেপি কৰ্মী

বিশেষকৈ যোৱা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰা বিতোপন শইকীয়াই প্ৰাৰ্থীত্ব লাভৰ বাবে দলীয় মঞ্চত থাকি যোৱা পাঁচ বছৰে সমষ্টিতোত কাম কৰি আহিছিল | কিন্তু এতিয়া হঠাৎ অজন্তা নেওগ প্ৰাৰ্থিত্বৰ দাবীদাৰ হৈ পৰাত বিজেপিৰ পুৰণি কৰ্মীৰ ক্ষোভ বৃদ্ধি পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply