গোলাঘাটত হাতী খেদিবলৈ দিন দুপৰতে যতে ততে ফুটিছে গুলী

গোলাঘাট – গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বিশেষকৈ জিলাখনৰ নুমলীগড়ত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। চাহ বাগিচাত প্ৰৱেশ কৰা এটা বনৰীয়া হাতীৰ বৃহৎ জাকক খেদিবলৈ বন বিভাগ বাধ্য হৈছে গুলী ফুটাবলৈ।

গোলাঘাট জিলাৰ নুমলীগড়ত দিন দুপৰতে যতে ততে ফুটিছে গুলী। নুমলীগড়ৰ গ্ৰাম্যাঞ্চল সমূহৰ সমান্তৰালকৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজটো শুনা গৈছে বন্দুকৰ গুলীৰ শব্দ। নুমলীগড়ত বৃহস্পতিবাৰৰ দিনটোত দেখিবলৈ পোৱা যায় বনৰীয়া হাতীৰ জাক খেদিবলৈ বন বিভাগে গুলী ফুটুৱাৰ দৃশ্য।

বিগত দুটা মাহে সমগ্ৰ নুমলীগড় আৰু বৃহত্তৰ মৰঙী অঞ্চলৰ ধাননি পথাৰ আৰু চাহ বাগিচাত সন্ত্ৰাসৰ সৃষ্টি কৰা বনৰীয়া হাতীৰ বৃহৎ জাকটোক খেদিবলৈ বন বিভাগে ফুটাইছে গুলী। নিশাৰ আন্ধাৰ আৰু দিনৰ পোহৰতো জাকে জকে বনৰীয়া হাতীয়ে বিচৰণ কৰিছে নুমলীগড়ৰ ৰাজপথত।

নুমলীগড়ত এফালে গঞা ৰাইজৰ চিঞঁৰ-বাখৰ আনফালে দিগবিদিক হেৰুওৱা বৃহৎ হাতীৰ জাকটোক নিৰাপদ স্থানলৈ খেদিবলৈ গুলী ফুটাই অহৰহ চেষ্টা বন বিভাগৰ। তথাপিও বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম নহ’ল বন কর্মী সকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply