গোলাঘাট– ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ আদৰ্শ গাঁও যোজনাৰ অধীনত “অনুসূচিত আদৰ্শ গাঁও” হিচাবে স্বীকৃতি লাভ কৰা অসমৰ প্ৰথম খন গাঁও হৈছে গোলাঘাট জিলাৰ পুলিবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং গোলাঘাট গ্ৰান্ট |
২০১৮-১৯ বিত্তীয় বৰ্ষত আদৰ্শ গাৱৰ কাৰ্যসূচী আৰম্ভ হৈছিল। প্ৰথম অবস্থাত ৰাজ্যৰ ১০০ গাও নিৰ্বাচন কৰি ইয়াত অন্তভুক্ত কৰিছিল | তেতিয়াৰে পৰা কাম আৰম্ভ হৈছিল যদিও কোনো এখন গাঁও নিদ্ধাৰণ কৰি দিয়া নীতিমতে উত্তীৰ্ণ হোৱাত ব্যৰ্থ হৈছিল।গোলাঘাট জিলাতো প্ৰথম অবস্থাত ১৯ খন গাঁও এই আঁচনিৰ অধীনত অন্তভুক্ত কৰা হৈছিল।
নিদ্ধাৰণ কৰি দিয়া কাম সমূহ ডিচেম্বৰ ৩১ তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰাটো জৰুৰী আছিল স্বীকৃতিৰ বাবে। গোলাঘাটৰ লগতে অসমৰ প্ৰথম খন অনুসূচিত আদৰ্শ গাও হিচাবে স্বীকৃতি পোৱা গোলাঘাট গ্ৰান্টে তিনিটা কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল | আদৰ্শগ্ৰাম্য বিকাশ কেন্দ্ৰৰ এটা গৃহ ,পথৰ দাঁতিত সৌৰ লাইটৰ সংস্থাপন, ২৪০ মিটাৰৰ দুটা পেপাৰ ব্লকৰ পথ নিৰ্মাণ সম্পূৰ্ণ কৰিলে | গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোদী য়ে আদৰ্শ গাও হিচাবে ঘোষণা কৰা পিছত গাওবাসীৰ মনলৈ আশাৰ সঞ্চাৰ কৰিছে | আজিও গাও খনত খোৱা পানীৰ সমস্যাত আছে ,ৰাইজে আশা কৰিছে আদৰ্শ গাৱৰ স্বীকৃতিয়ে গাও খনলৈ উন্নয়ন আহিব |