গোলাঘাটৰ আকাশে বতাহে ডবা, শঙ্খ, ঢোল-তালৰ গুমগুমনি

গোলাঘাট – গোলাঘাটৰ আকাশে বতাহে ডবা, শঙ্খ, ঢোল-তালৰ গুমগুমনি। আকৌ যেন প্ৰাণ পাই উঠিল প্ৰতিবাদী জনতাৰ কন্ঠ। তালফাল লাগিল গোলাঘাটৰ বতাহ। আমাক নালাগে নাগৰিকত্ব সংশোধনী আইন। সদৌ অসম ছাত্ৰ সন্থাৰ তেজাল যুৱকৰ কন্ঠত “কা” আমি নামানো।

২০১৯ চনৰ ১২ ডিচেম্বৰৰ দিনটোতে ৰাজ্যজুৰি ৰাজপথ উত্তাল কৰি তুলিছিল অসমবাসী ৰাইজে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে। এই উত্তাল প্ৰতিবাদত প্ৰাণ হেৰুৱাইছিল পাঁচ গৰাকীকৈ যুৱকে। আজি এবছৰ পিছত বিশ্বব্যাপী কৰ’ণা মহামাৰীৰ বাবে স্তব্ধ হৈ পৰা “কা” বিৰোধী আন্দোলন পুনৰ প্ৰাণ পাই উঠিছে ৰাজ্যত। ৰাজ্যৰ প্রান্তে প্রান্তে পুনৰ “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে ৰাইজ।

গোলাঘাট জিলাতো “কা”ৰ বিৰুদ্ধে এদল যুৱকৰ অন্তস্বৰৰ পৰা প্ৰতিফলিত হৈছে প্ৰতিবাদী কন্ঠ। ঢোল-তাল, ডবা-শঙ্খৰ তালে তালে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ গণ হুংকাৰ কাৰ্যসূচী। গোলাঘাটত পুনৰ ধাৰাবাহিক ভাৱে আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্বহীদ হোৱা পাঁচগৰাকী শ্বহীদৰ প্ৰতিচ্ছবি কাষত লৈ ছাত্ৰ সন্থাৰ প্ৰতিবাদ। বিজেপি চৰকাৰ মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱালৰ লাজ নাই, বিজেপি চৰকাৰ গ’ বেক, “কা” আমি নামানো আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে “কা” বিৰোধী ছাত্ৰ সন্থাৰ সদস্য সকলে উত্তাল কৰি তোলে গোলাঘাটৰ আকাশ বতাহ।

ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদৰ পিছতেই উপায়ুক্ত কাৰ্যালয়ৰ পৰা গোলাঘাট নগৰৰ মাজেৰে এক সমদল বাহিৰ কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে। উল্লেখ্য যে “কা” বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্রাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে পুনৰ প্ৰতিবাদ আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply