কমাৰগাঁও (গোলাঘাট): গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰৰ কানফলাত আজি সন্ধিয়া এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বাদুলিপাৰৰ কানফলাৰ চুনু গগৈ নামৰ এজন মূৰ্গী পালকৰ ফাৰ্মত সংঘটিত হয় উক্ত অগ্নিকাণ্ড।
জুইৰ লেলিহান শিখাই ছাৰখাৰ কৰে মূৰ্গী পালক চুনু গগৈৰ বৃহৎ ফ্ৰামখন। থলুৱা প্ৰজাতিৰ হাঁহ কুকুৰা পালন কৰি পৰিয়াল চলাই আছিল চুনু গগৈয়ে।
ঘটনাস্থলিত দেৰগাঁও আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ এটি দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও ফাৰ্মখন সম্পূৰ্ণ ৰূপে জ্বলি চাৰখাৰ হয়।
এই অগ্নিকাণ্ডৰ ফলত প্ৰায় তিনি লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায়। অগ্নিকাণ্ডৰ সূত্ৰপাত ক’ৰ পৰা হ’ল সেয়া এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই।
লগতে পঢ়ক – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দীৰ্ঘায়ু কামনাৰে উগ্ৰতৰা মন্দিৰত মুখ্যমন্ত্ৰী