গোলাঘাটত আজি বিজেপিত যোগদান কাৰ্যসূচী

অৱশেষত আজি গোলাঘাট জিলা কংগ্ৰেছৰ সহস্ৰাধিক কংগ্ৰেছীয়ে আনুষ্ঠানিক ভাবে যোগ দিয়ে বিজেপিত। প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ সদ্য পদত্যাগী বিধায়িকা অজন্তা নেওগে বিজেপিত যোগ দিয়াৰ পিছতে গোলাঘাটৰ অধিকাংশ কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰাৰ কথা চৰ্চিত হৈছিল। আজি গোলাঘাটৰ উষা গৰঙা খেলপথাৰত প্ৰায় সহস্ৰাধিক কংগ্ৰেছীয়ে অজন্তা নেওগৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনাই আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে।

আজি পুৱা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা হেলিকপ্তাৰ যোগে গোলাঘাটত উপস্থিত হৈ প্ৰায় ২হাজাৰ বিজেপি কৰ্মীৰ সৈতে বাইক ৰেলীৰে সভাস্থলীত উপস্থিত হয় | মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে সভাত বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ তপন গগৈ, বিধায়ক মৃণাল শইকীয়াসহ বহুতো নেতা কৰ্মীয়ে অংশ লয় |

গোলাঘাটত আজি বিজেপিত যোগদান কাৰ্যসূচী

সভাত ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একাংশ পুৰণি বিজেপি কৰ্মীৰ অজন্তা নেওগক বিজেপিয়ে উচ্চ আসন দিয়াক লৈ ক্ষোভিত হৈ থকাৰ অনুমান কৰিয়েই ভাষণত কয়, ‘যোৱা নিৰ্বাচনৰ বিজেপিৰ প্ৰাথী বিতোপন শইকীয়াৰ সৈতে অজন্তা নেওগ দলত যোগদান কৰাৰ আগতে মোৰ ঘৰত আলোচনা হৈছিল | তাত বিতোপন শইকীয়াই অজন্তা নেওগ বিজেপিত যোগদান কৰিলে একো আপত্তি নাই বুলি কৈছে |”

গোলাঘাটত আজি বিজেপিত যোগদান কাৰ্যসূচী

ন বিজেপি অজন্তা নেওগক লগত লৈ এক বৃহৎ যোগদান কাৰ্য্যসূচীৰ পিছত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত কোৱা মতে এই সভাত প্ৰায় ১৫ সহস্ৰাধিক লোকে যোগদান কৰে আৰু গোলাঘাট সমষ্টিৰ প্ৰাৰ্থী কেন্দ্ৰীক যুঁজ খনৰ কথা সোধাত এই বিষয়ত গা এৰা মন্তব্য দিয়ে ৷

গোলাঘাট চহৰৰ পৰা বৃহৎ বাইক ৰেলীৰে আদৰি নিয়াৰ সময়ত আছুৰ কৰ্মীসকলে হিমন্ত বিশ্ব গ’বেক,সৰ্বানন্দ হাই হাই ,CAA আমি নামানো ,আদি প্ৰতিবাদে উত্তাল কৰি তোলে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply