গোলাঘাট: ভক্স পপুলীৰ উদ্যোগত ন দিনীয়াকৈ গোলাঘাটত শণিবাৰৰ পৰা গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা আৰম্ভ হৈছে। ৬ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে ন দিনীয়া কাৰ্যসূচীৰে গোলাঘাটৰ ৰাজহুৱা খেলপথাৰ, সমন্বয় ক্ষেত্ৰত গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা আয়োজন কৰা হৈছে।
বিশিষ্ট সাহিত্যিক অৰূপা পটংগীয়া কলিতাই উদ্ধোধন কৰে গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা।জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি মন্ত্ৰী অতুল বৰাই অংশ লয়।ৰাজ্যখনৰ লগতে বহি:ৰাজ্যৰ কেইবাখনো গ্ৰন্থ বিপণীত উপলব্ধ হ’ব পাঠকৰ মাদকতা পূৰণ কৰিব পৰা গ্ৰন্থ সম্ভাৰ।এইবাৰৰ গ্ৰন্থমেলাত ন পুৰণি লিখকৰ শতাধিক গ্ৰন্থ উন্মোচন হব এই গ্ৰন্থমেলাত ।