গোৰখনাথ মন্দিৰ আক্ৰমণৰ ঘটনাত অভিযুক্ত আহমেদ মুৰ্তাজা আব্বাচীক নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চমুকৈ নিয়াৰ এখন বিশেষ আদালতে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছে। ২০২২ চনৰ এপ্ৰিলত মুৰ্তাজাই উত্তৰ প্ৰদেশৰ গোৰখনাথ মন্দিৰত নিয়োজিত নিৰাপত্তাকৰ্মীসকলক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। ঘটনাটোত দুজন আৰক্ষী গুৰুতৰভাৱে আহত হৈছিল। উত্তৰ প্ৰদেশ চৰকাৰে এই আক্ৰমণক “সন্ত্ৰাসবাদী আক্ৰমণ” বুলি অভিহিত কৰিছিল।
আইআইটিৰ স্নাতক আব্বাচীয়ে কৈছিল যে মুছলমানসকলৰ ওপৰত চলি থকা “অত্যাচাৰে” তেওঁৰ ক্ষোভৰ সৃষ্টি কৰিছিল। যাৰবাবে তেওঁ এই আক্ৰমণ কৰিছিল। আব্বাচীয়ে এইটোও দাবী কৰিছিল যে তেওঁ আক্ৰমণৰ বাবে বহু আগৰে পৰাই প্ৰস্তুতি চলাইছিল।
উত্তৰ প্ৰদেশ আৰক্ষীৰ আইন-শৃংখলা শাখাৰ এডিজি প্ৰশান্ত কুমাৰে কয় যে আদালতে ভাৰতীয় দণ্ডবিধিৰ ১২১ ধাৰাৰ অধীনত মুৰ্তাজাক মৃত্যুদণ্ড প্ৰদান কৰিছে। আৰক্ষীক আক্ৰমণ কৰাৰ বাবে মুৰ্তাজাক ভাৰতীয় দণ্ডবিধিৰ ৩০৭ ধাৰাৰ অধীনত আজীৱন কাৰাদণ্ড দিয়া হৈছিল। এইবাৰ তেওঁক মৃত্যুদণ্ড দিয়া হৈছে।
উল্লেখ্য যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে দাবী কৰিছিল যে মুৰ্তাজা ইছলামিক ষ্টেট সন্ত্ৰাসবাদী গোটৰ সৈতে জড়িত আছিল। তেওঁ উগ্ৰপন্থী দলটোৰ সদস্যসকলক আৰ্থিক সাহায্যও আগবঢ়াইছিল। আব্বাচীয়ে জেৰাৰ সময়ত এই কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।