কাঠৰ দলঙৰ ওপৰৰ ৰাইজৰ উত্তাল প্ৰতিবাদ

গোৰেশ্বৰ – গোৰেশ্বৰৰ গান্ধীচক চেনিগাঁও সংযোগী মাদাবাৰীস্থিত শুক্লাই নৈৰ ওপৰত থকা কাঠৰ দলঙত ৰাইজৰ প্ৰতিবাদ৷ এখন কাঠৰ দলঙে জ্বলাকলা খুৱাইছে গোৰেশ্বৰৰ মাদালবাৰীবাসীক। দলঙৰ দুৰৱস্থাৰ বাবে ৰাইজে কৰিছে প্ৰতিবাদ।

এখন কাঠৰ দলঙে জলাকলা খুৱাইছে বাক্সা জিলাৰ গোৰেশ্বৰৰ মাদালবাৰীবাসীক। ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰ গান্ধীচক চেনীগাঁও সংযোগী পথৰ মাদাবাৰীস্থিত শুক্লাই নৈৰ ওপৰৰ কাঠৰ দলঙৰ দুৰৱস্থাই জলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক। দলঙৰ দুৰৱস্থাৰ ফলত দীৰ্ঘদিন ধৰি পতিত হোৱা দুৰ্ঘটনাৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজ ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক ভৱেশ কলিতাৰ লগতে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে৷

হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰি অতি শীঘ্ৰে কাঠৰ দলঙখন মেৰামতিৰ দাবী জনাইছে স্থানীয় ৰাইজে৷ উল্লেখ্য যে উক্ত কাঠৰ দলঙখনৰ সমীপতে এখন পকী দলং নিৰ্মাণৰ কাম কাজ চলি আছে যদিও বিগত ৪ বছৰে দলঙখন সম্পূৰ্ণ নোহোৱাত অতিষ্ঠ হৈছে ঠিকাদাৰ এচ আৰ হালৈৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰী ৰাইজে।

যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা স্থানীয় ৰাইজৰ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী ৰাইজে সমাগত বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে দলঙখন মেৰামতি কৰি যাতায়তৰ উপযোগী নকৰিলে ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply