গোৰেশ্বৰত টেট শিক্ষকৰ প্ৰতিবাদ

গোৰেশ্বৰ– গোৰেশ্বৰত টেট শিক্ষকৰ প্ৰতিবাদ। ৩৩ মাহে বিনা বেতনে শিক্ষাদান কৰি আহিছে শিক্ষকসকলে। ২০১৫ চনৰ পৰা বিটিআৰৰ ৩৯০ গৰাকী টেট শিক্ষক বঞ্চিত হৈ আহিছে প্ৰাপ্যৰ পৰা।

২০১৫ চনত হোৱা বড়োলেণ্ড চুক্তিৰ পিছত তেতিয়াৰ বড়োলেণ্ডৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে নিযুক্তি দিছিল টেট শিক্ষকসকলক। কিন্তু বৰ্তমানলৈ শিক্ষকসকল বঞ্চিত হৈ আহিছে তেওঁলোকৰ প্ৰাপ্যৰ পৰা।

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োলৈ নিয়মীয়া বেতন প্ৰদানৰ অনুৰোধ

বিভাগীয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো কোনো ধৰনৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ। বিনা বেতনে শিক্ষাদান কৰি অহা শিক্ষকসকলৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে। সেয়েহে চিন্তিত হৈ পৰিছে শিক্ষকসকল।

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োলৈ এই বিষয়ত দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনাই বিটি আৰৰ দুৰ্ভগীয়া টেট শিক্ষকসকলে। লগতে শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈয়ো নিয়মীয়াকৈ বেতন প্ৰদান কৰিবলৈ আহ্বান জনাই শিক্ষকসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply