গোৰেশ্বৰ– গোৰেশ্বৰত হাজাৰ -হাজাৰ লোকক লৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল পদযাত্ৰা। বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকাৰ প্ৰাকমূহুৰ্তত বাগসা জিলাৰ গোৰেশ্বৰত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে হাজাৰ হাজাৰ জনতাক লৈ বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে।
৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী গজেন্দ্ৰ চন্দ্ৰ বড়ো আৰু ২৯ নং শুক্লাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী ৰনেন নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে। এই পদযাত্ৰাত মন্ত্ৰী ভৱেশ কলিতাইও ভাগ লয়।

উল্লেখযোগ্য যে মন্ত্ৰীগৰাকী হেলিকপ্টাৰেৰে বেঙেনাআটী খেলপথাৰত উপস্থিত হৈ পদযাত্ৰাৰে বেঙেনাআটী খেলপথাৰৰ পৰা গোৰেশ্বৰ বটিয়ামাৰী হৈ গোৰেশ্বৰ চহৰৰ মাজেৰে আহি বাথৌফুৰী, গোৰেশ্বৰ মুখ্য পথেৰে আহি গোৰেশ্বৰ গড়কপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা প্ৰাংগনলৈ পদযাত্ৰাৰে আহে।
পৰিদৰ্শন বঙলা প্ৰাংগনত মন্ত্ৰী গৰাকীয়ে ৰাইজক পদযাত্ৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় , ‘এইবাৰ বিজেপিয়ে বিটিআৰত চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ গৈছে। বিজেপিক ৰাইজে ভোট দি ইয়াৰ পূৰ্বে বিপিএফ দলে দিয়া দুখ কষ্টৰ অৱসান ঘটাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিটিচিত প্ৰথম বাৰালৈ ৰাইজে মুকলি মনেৰে নিৰ্বাচনত ভাগ ল’বলৈ ওলাই আহিছে। ইয়াৰ পূৰ্বে বিটিচিত এক নিৰ্বাচনত শংকাৰ বাতাবৰণৰে সময়বোৰ পাৰ হৈছিল।’