গোৱালপাৰা – গোৱালপাৰাত দিন দুপৰতে সংঘটিত হৈছে গুলী চালনাৰ ঘটনা। দুই পৰিয়ালৰ সংঘাতকলৈ সংঘটিত হৈছে চাঞ্চল্যকৰ গুলী চালনাৰ ঘটনা। ঠিকাদাৰ অনিমেশ ৰায় নামৰ এজন ব্যক্তিৰ গুলীত আহত হৈছে ছয়জনকৈ লোক। গোৱালপাৰাৰ চ’লেছ নাৰ্ছিং হোমত বৰ্তমান চিকিৎসাধীন আটাইকেইজন লোক।
গোৱালপাৰাত দুই পৰিয়ালৰ মাজৰ সংঘাত অধিক অৱনতি ঘটাত এই সংঘাত গুলী চালনাৰ পৰ্যায়লৈ গৈ পায়। অনিমেশ ৰায় নামৰ লোক চহৰৰ পুৰনি শ্মশানস্থিত নিজ ঘৰৰ ওপৰৰ পৰা দুইনলীয়া বন্দুকৰে গুলী চালনা কৰে। অনিমেশ ৰায়ৰ দুইনলীয়া বন্দুকৰৰ গুলীত আহত হয় ছয়জনকৈ লোক। আহত কেইজন হ’ল ৰংজিৎ দাস, স্বপন দাস, দীপাংকৰ দাস, বিংকু দাস, মফিদুল শ্বেখ আৰু গীতুমনি দাস।
আহতসকলক ততাতৈয়াকৈ গোৱালপাৰাৰ চ’লেছ নাৰ্ছিং হোমত ভৰ্ত্তি কৰোৱা হয় আৰু আটাইকেইজন লোক সংকটমূক্ত বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত জানিব পৰা গৈছে যে, চহৰৰ বেলতলাস্থিত দেৱ দাসৰ ঘৰত কোনো নথকা অৱস্থাত অনিমেশ ৰয় হাতত খুকৰিলৈ ঘৰত প্ৰৱেশ কৰি ঘৰৰ সকলো আচবাৱ ভাঙি লণ্ডভণ্ড কৰে। ইয়াৰ পিছতে দেৱ দাসে গাড়ীৰে অনিমেশ ৰায়ৰ ঘৰ গৈ ওলোৱাত অনিমেশ ৰয়ে নিজৰ দুনলীয়া বন্ধুকটোৰে চাদৰ ওপৰৰ পৰা গুলী চলনা আৰম্ভ কৰে।
অনিমেশ ৰায়ৰ গুলীত ছয়জনকৈ পথচাৰী আহত হোৱাৰ লগতে দেৱ দাসৰ গাড়ীখনো ক্ষতিগ্ৰস্ত হয়। পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অনিমেশ ৰয়ক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। অনিমেশ ৰয় কি কাৰণত দেৱ দাসৰ গৃহত প্ৰৱেশ কৰি তেওঁৰ ঘৰ লণ্ডভণ্ড কৰিলে, কি কাৰণত গুলী চালনা কৰিব লগা হ’ল সেই বিষয়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অনিমেশ ৰয় গোৱালপাৰাৰ এজন প্ৰতিষ্ঠিত ঠিকাদাৰ।