গোৱালপাৰাত বন বিভাগৰ উচ্ছেদ অভিযান

গোৱালপাৰা – গোৱালপাৰাত বন বিভাগৰ উচ্ছেদ অভিযান। ৩৫ টাকৈ পৰিয়ালক উচ্ছেদ কৰিলে কৰিলে বন বিভাগে। গৰাখহনীয়াৰ ফলত গৃহহীন হোৱা লোক সকলে অবৈধভাৱে বসবাস কৰি আছিল বনাঞ্চলৰ ভূমিত।

গোৱালপাৰাত বন বিভাগে ৫ হেক্টৰ ভূমিত অবৈধভাৱে বসবাস কৰি থকা ৩৫ টাকৈ পৰিয়ালৰ গৃহ এক্সেভেতৰ লগাই উচ্ছেদ কৰে। গোৱালপাৰা আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বগুলামাৰি সংৰক্ষিত বনাঞ্চলত মঙলাবাৰে দিনৰ ভাগত বন বিভাগে উচ্ছেদ অভিযান চলায়।

বগুলামাৰি সংৰক্ষিত বনাঞ্চলত প্ৰায় ৫ হেক্টৰ ভূমিত অবৈধভাৱে গৃহ নিৰ্মাণ কৰি বসৱাস কৰি আছিল প্ৰায় ৩৫ টাকৈ পৰিয়াল। বনাঞ্চলটোত বসৱাস কৰা লোক সকল বলদমাৰী চৰাঞ্চলত গৰাখহনীয়াত গৃহহীন হোৱা লোক। একাংশ ভূ-মাফিয়াই বন বিভাগৰ ভূমি সমুহ বেদখল কৰি বিক্ৰী কৰিছিল গৰাখহনীয়াত গৃহহীন হোৱা লোক সকলক।

উচ্ছেদ অভিযানৰ পিছত ঘটনাস্থলীত বিধায়ক এ কে ৰচিদ আলম উপস্থিত হৈ এনে কাৰ্যৰ বাৱে চৰকাৰ আৰু প্ৰশাসনক তীব্ৰ সমালোচনা কৰে। গৰাখহনীয়াত গৃহহীন হোৱা লোক সকলক কিয় চৰকাৰ আৰু প্ৰশাসনে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে বুলি বিধায়ক গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

ইপিনে, উচ্ছেদ অৱ্যাহত থকাৰ সময়তে সংমণ্ডল বন বিষয়া গৰাকীয়ে কয় যে, এই ভূমিত সম্পুৰ্ণৰূপে গছ-গছনি ৰোপন কৰা হ’ব। বিশেষকৈ বনৰীয়া হাতী আৰু বান্দৰৰ খাদ্যৰ বাৱে এই ভূমিত বিভিন্ন ফলৰ গছ ৰোপনৰ ব্যৱস্থা কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply