গোৱালপাৰা– আজি হ’ল উৰুকা। ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গোৱালপাৰা জিলাতো ভোগালীক লৈ ব্যাপক উছাহ ৰাইজৰ মাজত ৷ জিলাখনৰ ভিন্ন প্রান্তত বিগত বছৰৰ দৰে এইবাৰো আকর্ষণীয় ভেলাঘৰে চমক দিবলৈ সক্ষম হৈছে ৷
গোৱালপাৰ চহৰৰ বিহু ফিল্ডত ৰংঘৰৰ আর্হিত নির্মাণ কৰা হৈছে আকর্ষণীয় ভেলাঘৰ ৷ স্থানীয় ৰাইজৰ প্রচেষ্টাত গ্রামাঞ্চলৰ পৰা কিছু নিলগত থাকিও নির্মাণ কৰিছে ৰংঘৰৰ আর্হিত ভেলাঘৰ ৷
একেদৰে কৃষ্ণাইৰ নিকটৱর্তী ভোজমালা গাঁওবাসীয়ে এইবেলি সমগ্র বিশ্ব তচনচ কৰা মহামাৰী ক’ৰোনা ভাইৰাছক প্রতিকৃতি হিচাপে ভেলাঘৰ সাজি চমক দিয়া পৰিলক্ষিত হৈছে৷ আৰু বিহুৰ দিনা পুৱাই ৰাইজে নাম–কীর্তন কৰি পৰম্পৰাগত ৰীতি–নীতি অনুসৰি দাহন কৰিব এই ভেলাঘৰ৷