গুৱাহাটী – ৰাজ্যৰ পৰিবহন বিভাগত ব্যাপক ৰদ-বদল কৰা হৈছে ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা এক জাননী অনুসৰি গৌতম দাসক কামৰূপ মহানগৰ জিলাৰ নতুন পৰিবহণ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ৷

বৰ্তমানৰ কামৰূপৰ জিলাৰ পৰিবহন বিষয়া বাপন কলিতাক বদলি কৰা হৈছে মৰিগাঁৱলৈ। তদুপৰি মাজুলীৰ জিলা পৰিবহণ বিষয়া অপূৰ্ব কুমাৰ দাসক বঙাইগাঁৱলৈ, শিৱসাগৰৰ জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাক ডিব্ৰুগড়লৈ, কাছৰ জিলা পৰিবহণ পৰিবহন বিষয়া সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াক শিৱসাগৰলৈ বদলি কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply