গ্রন্থমেলা পৰিদর্শন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

গুৱাহাটী – অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়ােজিত ৩৩ তম গুৱাহাটী গ্রন্থমেলা পৰিদর্শন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কিতাপৰ সান্নিধ্য লাভৰ বাবে গ্ৰন্থমেলাৰ বাকৰিত ৰাইজৰ ভিৰ অসমৰ বৌদ্ধিক ক্ষেত্ৰৰ বাবে এক আশাপ্রদ দিশ বুলি মন্তব্য মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ।

মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শুকুৰবাৰে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়ােজিত ৩৩ তম গুৱাহাটী গ্রন্থমেলাৰ বাকৰিত উপস্থিত হৈ অসম চৰকাৰৰ জনসংযােগ বিভাগৰ বিপণীকে ধৰি বিভিন্ন গ্রন্থ বিপণী পৰিদৰ্শন কৰাৰ লগতে গ্রন্থপ্রেমীসকলৰ সৈতেও বার্তালাপ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্রন্থমেলাত কিছুসংখ্যক গ্রন্থও ক্রয় কৰে। ইয়াৰ পিছত গ্রন্থমেলাৰ বাকৰিত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হােৱা কথা বতৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্রান্তৰ পৰা পঢ়ুৱৈ সমাজ আহি গ্রন্থমেলাথলীত যি বৌদ্ধিক পৰিৱেশৰ সৃষ্টি কৰিছে সেয়া অতিশয় আশাপ্রদ দিশ।

এই মানৱীয়, উৎসবমুখৰ বৌদ্ধিক পৰিৱেশ যাতে ৰাজ্যখনৰ বুকুত সদায় বর্তি থাকে তাৰ বাবে সহযােগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলাে শ্ৰেণীৰ জনসাধাৰণক আহ্বান জনায়। অসম বুকুত বিগত চাৰে চাৰি বছৰত গঢ় দিয়া শান্তিপূর্ণ পৰিৱেশৰ বাবে তেওঁ অসমৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে। আগন্তুক দিনত ৰাজ্যখনৰ বুকুত এনেকুৱা আৰু অধিক গ্রন্থমেলা আয়ােজনৰ জৰিয়তে অসমৰ বুকুত এক বৌদ্ধিক জাগৰণৰ সৃষ্টি হ’ব বুলি আশা প্রকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

গ্রন্থমেলাসমূহত কিমান সংখ্যক পুথি বিক্ৰী হৈছে সেইটো ডাঙৰ কথা নহয় বুলি উল্লেখ কৰি এই গ্রন্থমেলাৰ বাকৰিত কিতাপৰ সান্নিধ্য লাভৰ বাবে বিপুল সংখ্যক জনতাৰ উপস্থিতি অসমৰ বৌদ্ধিক ক্ষেত্ৰৰ বাবে এক ইতিবাচক দিশ বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়। গ্ৰন্থমেলা পৰিদৰ্শনৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী গ্রন্থমেলাৰ আয়ােজক অসম প্ৰকাশন পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে মত-বিনিময় কৰাৰ উপৰি গ্রন্থমেলাথলীত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযােগ বিভাগে স্থাপন কৰা বিপণীত জনসংযােগ বিষয়া কৰ্মচাৰীসকলৰ সৈতেও মত-বিনিময় কৰে। এই মত- বিনিয়মৰ সময়তে অসম প্ৰকাশন পৰিষদৰ বিষয়ববীয়াসকলে শুকুৰবাৰৰ দিনটোলৈকে গ্রন্থমেলাত ৮ কোটিৰাে অধিক টকাৰ পুথি বিক্ৰী হৈছে বুলি মুখ্যমন্ত্ৰীক অৱগত কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ বৌদ্ধিক দিশৰ বাবে এয়া এক আশাপ্রদ দিশ বুলিও মন্তব্য কৰে। গ্রন্থমেলা পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, তথ্য আৰু জনসংযােগ বিভাগৰ সঞ্চালক অনুপম চৌধুৰী, প্রকাশন পৰিষদৰ সচিব প্রমােদ কলিতাকে ধৰি অন্যান্য সকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply