বৰপেটা – গ্ৰাম্য পৰিবহন আঁচনিৰ জৰিয়তে নিবনুৱাক কৰ্মসংস্থাপন প্ৰদানৰ প্ৰচেষ্টা ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য পৰিবহন আঁচনিৰ অধীনত বৰপেটাৰ নিবনুৱাক ১৮ খন চাৰিচকীয়া বাহন বিতৰণ৷
ৰাজ্যৰ ১০ হাজাৰ গাঁৱৰ ১০ হাজাৰ নিবনুৱাক কৰ্মসংস্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে সমগ্ৰ গ্ৰাম্য পৰিবহন আঁচনি। এই আঁচনিৰ অধীনত মঙলবাৰে বৰপেটা জিলাৰ ১৮ গৰাকী নিবনুৱা যুৱকক চাৰিচকীয়া বাহন প্ৰদান কৰা হয়৷ বৰপেটা জিলা পুথিভৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত চাৰিচকীয়া বাহন বিতৰণ অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আৰু পৰিবহন বিষয়া হিমাঞ্চু দাসে ১৮ গৰাকী নিবনুৱা যুৱকক চাৰিচকীয়া বাহনসমুহ বিতৰণ কৰে৷
ৰাজ্য চৰকাৰে নিবনুৱা যুৱক সকলক কৰ্মসংস্থাপন আৰু গ্ৰামাঞ্চলৰ যাতায়াত ব্যৱস্থা সূচল কৰাৰ উদ্যেশ্যৰে ২৫ শতাংশ ৰাজ সাহাৰ্য্য প্ৰদানেৰে নিবনুৱা যুৱক সকলক চাৰিচকীয়া বাহন প্ৰদানৰ আঁচনি ৰূপায়ন কৰিছে। উল্লেখ্য যে বৰপেটা জিলাতে ৰাজ্য চৰকাৰে পৰিবহন বিভাগৰ জৰিয়তে ৮৫০ গৰাকী নিবনুৱা যুৱকক কৰ্মসংস্থাপন প্ৰদান কৰাৰ লক্ষ্য গ্ৰহন কৰিছে।