বঙাইগাঁওঃ অসমৰ বন আৰু পৰিৱেশ মন্ত্রী পৰিমল শুল্কবৈদ্য তথা গড়বন্ধু সুহান মল্লিকৰ আমন্ত্রণত যোৱা ২৮ ডিচেম্বৰত পশ্চিমবংগৰ বেচৰকাৰী প্রতিষ্ঠান দা গ্লোবেল গ্রীন ফোর্চৰ ছজনীয়া সদস্যৰ দল এটাই মানুহৰ মাজত গড় সুৰক্ষা আৰু বৃক্ষ ৰোপণৰ সজাগতা আনিবলৈ কলকাতাৰ পৰা কাজিৰঙালৈ আৰম্ভ কৰা চাইকেলেৰে যাত্রা ই বঙাইগাঁও চহৰত উপস্থিত হোৱাত বঙাইগাঁও মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি সুৰজিত সিং ভাৰি আৰু যুটীয়া সম্পাদক জয়দেব ভাটিয়ে ফুলাম গামোছাৰে সম্বর্ধনা কৰাৰ লগতে ৰাতিটো থকাৰ ব্যৱস্থা কৰে।

বঙাইগাঁৱৰ বসুন্ধৰা নামৰ বেচৰকাৰী প্রতিষ্ঠানটোৰ পৃষ্ঠপোষকতাত উক্ত দলটিয়ে শণিবাৰে আনন্দমার্গী স্কুলত উপস্থিত হৈ গছপুলি ৰোপণ কৰাৰ পিছত অভিযানকাৰী ছয় জনীয়া দলটোক ফুলাম গামোছা আৰু শৰাই দি সম্বর্ধনা জ্ঞাপন কৰে স্বামী জগদিশানন্দ আৰু বসুন্ধৰাৰ সদস্যসকলে।
বসুন্ধৰাৰ প্রতিষ্ঠাপক উত্তম কুমাৰ দাস আৰু অনুপ সাহা যৌথভাৱে দুখন কিতাপ উপহাৰ দিয়াৰ উপৰি সংক্ষিপ্ত বক্তব্য আগবঢ়ায় নকুল চন্দ্র সাহাই। মাধব দাসে অনুষ্ঠানটি সঞ্চলনা কৰাৰ লগতে শেষত চমু বক্তব্য দাঙি ধৰি দা গ্লোবেল গ্রীন ফোর্চক লৈ লিখা স্বৰচিত কবিতা এটি পাঠ কৰি প্রতিষ্ঠানৰ কর্ণধাৰ তাৰক চন্দ্র পালৰ হাতত তুলি দিয়ে।