গৰৈমাৰী– গৰৈমাৰীত নৃশংস হত্যাকাণ্ড। নিজ সন্তানক পুখুৰীত পেলাই হত্যা কৰিলে পিতৃ-মাতৃয়ে। পাৰিবাৰিক কন্দলৰ বাবে ডেৰ বছৰীয়া সন্তানটিক পুখুৰীত দলিয়াই দি পিতৃ-মাতৃয়ে হত্যা কৰাৰ সন্দেহ। ৰাতিপুৱাৰ ভাগত পুখুৰীত উপঙি থকা অৱস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই স্থানীয় ৰাইজৰ মাজত লাগে হুৱা-দুৱা ৷
বৃহস্পতিবাৰে নিশাও মিজানুৰ খানৰ সৈতে তেওঁৰ পত্নী মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল ৷ পিছত নিশাৰ ভাগতে নিৰুদ্দেশ হৈছিল তেওঁলোকৰে ডেৰ বছৰীয়া পুত্ৰ। আজি পুৱাৰ ভাগত তেওঁলোকৰ ফুলকুমলীয়া সন্তানটো পুখুৰীত ওপঙি থকা দেখা পায় অঞ্চলবাসীয়ে।
উল্লেখ্য় যে মিজানুৰ ৰহমানৰ লগত তেওঁৰ পত্নী মালেকা খাতুনৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছতো কি কাৰণত স্বামী গৃহত মালেকা খাতুন আহিছিল আৰু কি পৰিস্থিতিত সন্তানটিৰ মৃত্যু হ’ল সেই সন্দৰ্ভত একো জানিবলৈ পৰা হোৱা নাই। ইতিমধ্য়ে গৰৈমাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।