গৰৈমাৰীৰ বিলৰজানত ভয়াৱহ অগ্নিকাণ্ড

সোণতলী – দক্ষিণ কামৰূপৰ সোণতলীৰ অন্তৰ্গত গৰৈমাৰীৰ বিলৰজানত ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত প্ৰায় দুই লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত৷ স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন।

দক্ষিণ কামৰূপৰ বকো বিধানসভা সমষ্টিৰ সোণতলী মৌজাৰ অন্তৰ্গত গৰৈমাৰীৰ বিলৰজানত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড৷ এই ভয়াৱহ অগ্নিকাণ্ডত প্ৰায় দুই লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভুত হয় বুলি জানিব পৰা গৈছে৷

প্ৰাপ্ত বাতৰি মতে, সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰী বিলৰজান গাঁৱৰ নিৱাসী ইয়াচিন আলীৰ ঘৰত সোমবাৰে নিশাৰ ভাগত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়৷ স্থানীয় ৰাইজৰ তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয যদিও ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়৷

বৈদ্যুতিক শ্বৰ্টচাৰ্কিট হৈ সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ এটা ঘৰ, ধান, চাউল, চকী, টেবুলৰ লগতে প্ৰায় দুই লক্ষাধিক টকাৰ সা-সম্পত্তিৰ উপৰিও এন আৰ চিৰ নথিপত্ৰৰ আৰু অন্যান্য বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জুইত জাহ যায় ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,897 other subscribers

Leave a comment

Leave a Reply