নিউজ ডেস্ক– অসমৰ পৰ্যটন উদ্যোগক নতুন মাত্ৰা প্ৰদান কৰিবলৈ গুৱাহাটী ৰিভাৰফ্ৰণ্ট আৰু উমৰাংছু জলাশয়ৰ মাজত  চি প্লেন চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জল পৰিবহন মন্ত্ৰণালয়ে অসমৰ এই মাৰ্গ চিহ্নত কৰিছে।

মন্ত্ৰণালয়ে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত উল্লেখ থকা মতে, এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ দায়িত্ব দিয়া হৈছে  চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠান Sagarmala Development Company Limitedক। অসমৰ লগতে দিল্লী-অযোধ্যা, আন্দামান নিকোবৰ আৰু লক্ষদীপৰ দ্বীপপুঞ্জ, টেহৰী-চন্ডীগড় আদিকো এই প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখযোগ্য যে ২০২০চনৰ ৩১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱাদিয়াৰ পৰা সাবৰমতি ৰিভাৰফ্ৰণ্টলৈ চলা প্ৰথম চি প্লেন যাত্ৰাৰ শুভাৰম্ভ কৰিছিল। চি প্লেন পানীত অৱতৰণ কৰিব পৰা আৰু পানীৰ পৰাই আকাশমাৰ্গলৈ উৰিব পৰা জাহাজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply