মাজুলী– চকুত চকুপানী লৈ চিকিৎসালয়ৰ বিচনাত কটাইছে এগৰাকী কিশোৰী। মাজুলী মেখেলী গাওঁৰ এই কিশোৰী গৰাকী আক্ৰান্ত হৈ আছে দুৰাৰোগ্য ৰোগত। চিকিৎসাৰ বাবেও এতিয়া ধনৰ নাটনি।
২০১৬ চনৰ পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে মৰমলগা ছোৱালীজনী। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হ’ব কিশোৰীগৰাকী। ছাত্ৰী গৰাকীক লাগে এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম বাসীৰ ৰাইজৰ অকণমান সদায় ।
কোনো হৃদয়বান লোকে সহায় আগবঢ়াব বিচাৰিলে ৮৮২২৮৮৪৯৪১ নম্বৰত যোগাযোগ কৰিব পাৰিব লগতে ইউ বি আই বেংক ,মাজুলী,কমলাবাৰী শাখাৰ একাউন্ট নম্বৰ 1320010102814, IFSC – UTbiobnah12 ,Moni ch. Saikia ৰ একাউন্টত আৰ্থিক সহায় আগবঢ়াব পাৰে।