চলচলিৰ জলাহ গাঁৱত ব্যতিক্ৰমীভাৱে ৰাস উদযাপন

পুৰণিগুদাম – নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্ত্তী চলচলিৰ জলাহ গাঁৱত ৰাইজে পাৰ ভঙা উৎসাহ-উদ্দীপনাৰ মাজেৰে বৃহস্পতিবাৰে নিশা পৰম্পৰাগত শ্ৰীকৃষ্ণৰ ৰাস উৎসৱটি পালন কৰিলে। জলাহৰ ৰাইজে চৰকাৰী সকলো নীতি-নিৰ্দেশনা পালন কৰি এই বছৰ ব্যতিক্ৰমীভাৱে নিশা গাওঁখনৰ বৰনামঘত অনুষ্ঠিত কৰিলে ৰাস উৎসৱ।

ৰাস উপভোগ কৰা সহস্ৰাধিক দৰ্শক ৰাইজক বৰনামঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুয়োখন হাত ছেনিটাইজ কৰাৰ লগতে আয়োজক প্ৰতিজন ব্যক্তিৰ শৰীৰৰ উত্তাপ জুখি চালে। জলাহৰ শ্ৰীকৃষ্ণৰ ৰাস উৎসৱত আমন্ত্ৰিত বিশিষ্ট অতিথি ওৰেতো নিশা ৰাস উপভোগ কৰি মন্ত্ৰমুগ্ধ হোৱা দেখা গ’ল অগপ দলৰ বৰ্তমানৰ যুৱ নেতা কলিয়াবৰ মণিমাধৱ মহন্তৰ লগতে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া গৰাকী।

ক’ভিড প্ৰট’কল যাতে সমূহ চহা গাৱঁলীয়া ৰাইজে ভৱিষ্যতলৈও আখৰে-আখৰে পালন কৰি যায় তাৰ বাবে ৰাসনৃত্যত মগ্ন গোপী সকলৰ মাজত এজনে চিকিৎসকৰ বেশত নৃত্য কৰি দৰ্শকৰ মাজত সজাগতা সৃষ্টি অভিনৱ প্ৰয়াস কৰা দেখা গ’ল নিশা জলাহত।

ইফালে যোৱা ১০ নৱেম্বৰৰ পৰা প্ৰশাসনৰ অনুমতি সাপেক্ষে ৰাসৰ আখৰা অথবা প্ৰস্তুতি আৰম্ভ কৰা প্ৰায় দুই শতাধিক অভিনেতা-অভিনেত্ৰী, গায়ন-বায়ন, কলা-কৌশলীৰ সকলো কষ্ট বৃহস্পতিবাৰে নিশা ৰাইজৰ সন্মুখত প্ৰতিবছৰৰ দৰে এইবেলিও এখনি উৎকৃষ্টতম মহাৰাস প্ৰদৰ্শনৰে সাৰ্থক হ’ল বুলি সংবাদ মাধ্যমৰ সন্মুখত সন্তুষ্টি প্ৰকাশ কৰা দেখা গ’ল জলাহৰ শ্ৰীকৃষ্ণৰ মহাৰাস উৎসৱৰ উদযাপন কমিটিৰ সমূহ বিষয়ববীয়া সকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply