ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (NMC)য়ে ৰাজ্যবাসীলৈ প্ৰেৰণ কৰে এক সুখবৰ।
অসমৰ নগাওঁত নৱনিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়ক অসমৰ একাদশখন চিকিৎসা মহাবিদ্যালয়ৰূপে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনাইছে।
জানিব পৰা মতে, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ বিশেষজ্ঞ এটা দলে বুধবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি উভতি যোৱাৰ এদিন পাছতে অৰ্থাৎ বৃহস্পতিবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ লৈ এক ই-মেইল যোগে চিকিৎসা মহাবিদ্যালয়খনক অনুমতি প্ৰদানৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।
উল্লেখ্য যে, আয়োগৰ ‘মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ড’ (MARB)ৰ অধ্যক্ষই ইমেইলৰ জৰিয়তে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰখনত উল্লেখ কৰা মতে নগাঁও চিকিৎসা মহাবিদ্যালয়কো ২০২৩-২৪ চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই MBBSৰ ১০০খন আসনেৰে চিকিৎসা বিজ্ঞানৰ পাঠদান আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। বুধবাৰে হোৱা ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ বিশেষজ্ঞ দলৰ আকস্মিক পৰিদৰ্শনত নৱনিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়ে আন্তঃগাথঁনিকে ধৰি আয়োগৰ অনুমতি লাভৰ ক্ষেত্ৰত বাধ্যতামূলক চৰ্তাৱলীসমূহ পূৰণ কৰিবলৈ সক্ষম হোৱাটো প্ৰতীয়মান হোৱাৰ বাবেই আয়োগে এই ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰে।
পত্ৰখনত আয়োগৰ ফালৰ পৰা প্ৰকাশ কৰা মতে নতুন চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাথঁনিগত সা-সুবিধা, পৰীক্ষাগাৰ, গ্ৰন্থাগাৰ, ছাত্ৰাবাস-ছাত্ৰীবাস, চিকিৎসালয়, পৰ্যাপ্ত সংখ্যক অধ্যাপক-অধ্যাপিকা, জ্যেষ্ঠ আৱাসিক চিকিৎসকৰ উপলবদ্ধতাক লৈ আয়োগৰ পৰিদৰ্শনকাৰী দলে প্ৰতিবেদনত সন্তুষ্টি পোৱা বুলি প্ৰকাশ কৰিছে।
আনহাতে, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে এতিয়াৰে পৰা এঘাৰ দিন পূৰ্বে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়কো ২০২৩-২৪ চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই ১০০খন MBBS আসনসহ পাঠদানৰ বাবে অনুমতি প্ৰদান কৰিছিল। কোকৰাঝাৰৰ পাছতে নগাঁও চিকিৎসা মহাবিদ্যালয়কো ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলিৰ অনুমতি প্ৰদান কৰে।
ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কোকৰাঝাৰৰ পাছত নগাঁও চিকিৎসা মহাবিদ্যালয়েও ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমতি আহৰণ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে।
ইফালে, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ এই সিদ্ধান্তত উৎফুল্লিত হৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নগাঁও জিলাবাসী ৰাইজৰ লগতে সমগ্ৰ ৰাজ্যবাসী আৰু নতুন চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ, বিভাগীয় মূৰব্বী তথা অধ্যাপক-অধ্যাপিকা, জ্যেষ্ঠ আৱাসিক চিকিৎসকে ধৰি মহাবিদ্যালয় পৰিয়ালৰ সকলো সদস্যকে অভিনন্দন জ্ঞাপন কৰে।