ডবকা – ডবকাৰ চাংমাজি বজাৰত দেওবাৰে নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। বজাৰখনত থকা এখন হোটেলৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ভয়াবহ অগ্নিকাণ্ডত জাহ যায় কেইবাখনো দোকানৰ লগতে লক্ষাধিক টকাৰ সা-সামগ্ৰী।
হোজাই জিলাৰ ডবকাৰ চাংমাজি বজাৰত দেওবাৰে নিশা বজাৰখনত থকা এখন হোটেলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত কেইবাখনো দোকান সম্পূৰ্ণৰূপে জুইত জাহ যায়। ভয়াবহ অগ্নিকাণ্ডত কেবা লক্ষাধিক টকাৰ সা-সামগ্ৰী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বজাৰখনত থকা অন্যান্য দোকান সমূহলৈ জুই বিয়পি পৰাত ৰাইজ আতংকিত হৈ পৰে।
বজাৰখনত থকা ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক অগ্নিকাণ্ডৰ খবৰ দিয়ে যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ ভয়াবহ অগ্নিকাণ্ডই সমগ্ৰ বজাৰখনক আৱৰি ধৰাত স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰিবলৈ বহু চেষ্টা চলাইও জুই নুমোৱাবলৈ সক্ষম নহয়।
পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ দলে ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ইয়াৰ পূৰ্বে কেবাখনো দোকান বজাৰ জুইত জাহ যায়৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ মুল কাৰণ বর্তমানলৈকে জানিবলৈ পৰা হোৱা নাই৷