বৰপেটা – বৰপেটাত ভোটাৰচ ডে’ পালন। চাইকেল ৰেলীৰে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ প্ৰচেষ্টা। বৰপেটা জিলা প্ৰশাসনৰ উদ্যেগত ভোটাৰচ দিৱস পালন কৰা হয়। ভোটাৰৰ অংশগ্রহণৰ ওপৰতে নিৰ্ভৰ কৰে গণতন্ত্ৰৰ সাফল্য৷ গণতান্ত্ৰিক ব্যৱস্থাৰ অন্যতম প্ৰক্ৰিয়া নিৰ্বাচনত যাতে প্ৰতিজন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো ভোটাৰচ ডে পালন কৰা হয়৷

প্ৰতিজন ভোটাৰে ভোট দানেৰে এখন সুস্থিৰ চৰকাৰ গঠন কৰাৰ লগতে গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে নাগৰিকৰ দায়িত্ব সম্পৰ্কে ভেটাৰসকলক সজাগ কৰাৰ অৰ্থে বৰপেটা জিলা প্ৰশাসনৰ উদ্যেগত ভোটাৰচ দিৱস পালন কৰা হয় ৷ ভোটাৰচ দিৱস উপলক্ষে বৰপেটা চহৰত জিলা প্ৰশাসনৰ উদ্যোগত চাইকেল ৰেলী উলিওৱাৰ লগতে বৰপেটা জিলা পুথিভঁৰালত এখন সভা অনুষ্ঠিত কৰা হয়৷ উক্ত সভাত জিলা প্ৰশাসনৰ ফালৰ পৰা নতুন ভোটাৰসকলক গামোছাৰে আদৰনি জনোৱাৰ হয়৷

ভোটাৰ সকলক ভোটাধিকীৰ সাব্যস্ত কৰাৰ বাবে অনুপ্ৰানিত কৰাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত গীত, বাটৰ নাট আদিও পৰিবেশন কৰা হয়৷ আনহাতে ভোটাৰ তালিকাৰ পৰা বাদ পৰি যোৱা প্ৰতিজন লোকক অথবা নতুনকৈ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলগীয়া লোকক ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰাৰ আহ্বান জনায় জিলা উপায়ুক্ত গৰাকীয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,861 other subscribers

Leave a comment

Leave a Reply