বিহালী- দেশ জোকাৰি যোৱা চাউলধোৱা কাণ্ডৰ ৭ বছৰ সম্পূৰ্ণ হ’ল। অসম- অৰুণাচল সীমান্তৰ বিহালীৰ চাউলধোৱাত সংঘটিত হোৱা গণহত্য়াৰ ১৫ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই বিহমাৰীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
২০১৪ চনৰ ২৯জানুৱাৰীৰ দিনটোত বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৰ বিহালী বনাঞ্চলত অৰুণাচলী দুস্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল অসমৰ ১৫ গৰাকীকৈ সীমান্তৰক্ষীক।
শুকুৰবাৰে চিপিআই এম-এল আৰু কৃষক মহাসভা অসমে অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বিহমাৰী ৰংগমঞ্চত শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।

এই ঘটনাৰ প্ৰতিবাদ জনাই বিহালীবাসী ৰাইজে ৰাজপথ অৱৰোধ কৰে। অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰাৰ লগতে গৃহীত কৰা ৬ টা বি অ’ পি কেম্পৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে তিনিটা স্থাপন কৰাত কিছু পৰিমাণে অসমৰ ভূমি অৰুণাচলৰ আগ্ৰাসনৰ পৰা ৰোধ কৰিবলৈ সমৰ্থ হয়।
কিন্তু জাতি মাটি ভেটি ৰক্ষাৰ শপত লোৱা বৰ্তমানৰ বিজেপি চৰকাৰখনে বাকী তিনিটা বি অ পি কেম্প স্থাপন নকৰাত সেই অঞ্চলত বৰ্তমানেও অৰুনাচলীয়ে আগ্ৰাসন চলাই থকা বুলি অনুষ্ঠানত ক্ষোভ প্ৰকাশ কৰে। অনুষ্ঠানত চিপিআই এম-এল নেতা বিবেক দাস, স্বপন শৰ্মা, বাবুল বৰা আৰু মহেন্দ্ৰ লোহাৰ, নাৰায়ণ পৌড়েল আদি বহু গণ্যমান্য ব্যক্তিয়ে অংশ লয় ।