নগাঁও – চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত ভুৱা স্বাস্থ্য বিষয়া। স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল চাৰিজনকৈ ভুৱা স্বাস্থ্য বিষয়াই। নগাঁও আৰক্ষীয়ে ভুৱা স্বাস্থ্য বিষয়া চাৰিজনক অধিক তথ্যৰ বাবে জৰে অব্যাহত ৰাখিছে।
প্ৰৱঞ্চনাৰ জাল পেলাই আৰক্ষীৰ জালত পৰা প্ৰৱঞ্চক চক্ৰটোৰ সদস্য চাৰিজন হৈছে ভৱেশ কালিন্দী, শ্বহীদুল ইছলাম ওৰফে বাব্লু, বিক্ৰম কালিন্দী আৰু আবু নছৰ ৱাহিদ। প্ৰৱঞ্চক চক্ৰটোৰ সদস্য চাৰিজনে চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।
নগাঁৱৰ চামগুৰি আৰু আমনিৰ এই চক্ৰটোৱে বিগত কিছুদিন ধৰি স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰি অহা বুলিও অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ নগাঁৱৰে তৰুণ চন্দ্ৰ নাথ নামৰ এগৰাকী লোকৰ পৰা প্ৰৱঞ্চক চক্ৰটোৰ সদস্য চাৰিজনে এক লাখৰো অধিক টকা সংগ্ৰহ কৰিছিল।
চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত তৰুণ চন্দ্ৰ নাথে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিত দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই প্ৰৱঞ্চক চক্ৰটোৰ চাৰিজন সদস্যক আটক কৰিবলৈ সক্ষম হয়। নগাঁও আৰক্ষীৰ নগৰ শাখাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই চক্ৰটোৰ চাৰিজনকৈ সদস্যক গ্ৰেপ্তাৰ কৰে।
নগাঁও আৰক্ষী দেওবাৰে নিশা আটক কৰা প্ৰৱঞ্চক চক্ৰটোৰ সদস্য চাৰিজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। প্ৰৱঞ্চক চক্ৰটোৱে স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত বহু লোকৰ পৰা টকা সংগ্ৰহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰো সম্ভাৱনা আছে।